তেজপুৰ,১২ জুলাই:বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা তেজপুৰ ৰতাৰী ক্লাৱে সোমবাৰে আয়োজন কৰে এক ব্য়তিক্ৰমী অনুষ্ঠানৰ(Rotary Club organized an exceptional event) । এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে প্ৰায় ৫০ বছৰে সমাজত মানুহৰ কল্যানৰ বাবে সেৱা আগবঢ়াই অহা ৮০ বছৰৰো উৰ্দ্ধৰ কেইবাগৰাকীও চিকিৎসকক(Doctors over 80 years of age honoured) । জানিব পৰা মতে প্ৰতিবছৰে ৰতাৰী ক্লাৱে সমাজৰ প্ৰথম শ্ৰেনীৰ সেনানী চিকিৎসক সকলক তেওঁলোকে সমাজৰ বাবে আগবঢ়াই যোৱা মানৱ সেৱাৰ বাবে এক বিশেষ সন্মান প্ৰদান কৰি আহিছে ।
বিগত সময়ৰ দৰে এইবাৰো প্ৰায় ১৬ গৰাকী চিকিৎসকক সম্বৰ্ধনা জ্ঞাপন কৰে ক্লাৱে । তেজপুৰত স্বনামধন্য চিকিৎসক Dr লক্ষ্মী গোস্বামী, বিশ্ব ৰঞ্জন কলিতা সুৰেন গগৈ, হেমেন বৰা, পি কে শৰ্মাকে আদি কৰি আটাইকেইগৰাকী চিকিৎসকে এই সন্মান লাভ কৰি অত্যন্ত সুখী হোৱা দেখা যায় ।