তেজপুৰ,15 এপ্ৰিলঃবুধবাৰে পুৱা মেঘালয়ত মৃত্যু হয় কৰ’ণাত আক্ৰন্ত প্ৰথমগৰাকী লোকৰ ৷ মৃত লোকজন ৰাজ্যখনৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত হৈ আছিল ৷ এই কথা ব্যক্ত কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷
মেঘালয়ত কৰ'ণাত আক্ৰান্ত চিকিৎসকৰ মৃত্যু - মেঘালয়ত চিকিৎসকৰ মৃত্যু
মেঘলায়ত কৰ’ণাত আক্ৰান্ত চিকিৎসকৰ মৃত্যু ৷ চিকিৎসক গৰাকী ৰাজ্যখনত কৰ’ণাত আক্ৰন্ত হৈ নিহত হোৱা প্ৰথমগৰাকী ৰোগী ৷
![মেঘালয়ত কৰ'ণাত আক্ৰান্ত চিকিৎসকৰ মৃত্যু doctor death due to COVID 19 at Meghalaya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6796839-thumbnail-3x2-t.jpg)
মেঘালয়ত কৰ'ণাত আক্ৰান্ত চিকিৎসকৰ মৃত্যু
উল্লেখ্য যে, সোমবাৰে তেখেতৰ দেহত কোভিড-১৯ ৰ উপস্থিতি ধৰা পেলোৱা হৈছিল ৷ চিটি বেথানি হাস্পতালত চিকিৎসাধীন হৈ আছিল চিকিৎসক গৰাকী ৷ চিকিৎসক গৰাকীৰ দেহত কোভিড-১৯ ৰ উপস্থিতি ধৰা পেলোৱাৰ পিছতেই চিকিৎসালয়খন জব্দ কৰাৰ লগতে ৰোগীসকলক কোৱাৰেন্টাইনত ৰখাৰ বাবে নিৰ্দেশ দিয়ে প্ৰশাসনে ৷
লগতে পঢ়ক-চিৰাঙত ৰাজস্থানী অঘৰীৰ দলঃ কৰ'ণা আতংক