অসম

assam

Tezpur Tourist spots: সন্ধিয়া 5 বজাৰ পিচত তেজপুৰৰ পৰ্যটনস্থলীত No Entry, কঠোৰ জিলা প্ৰশাসন

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:48 AM IST

তেজপুৰৰ পৰ্যটনস্থলীত সুৰামত্ত যুৱকৰ উদ্ভণ্ডালি ৷ সুৰামত্ত যুৱক আটক আৰক্ষীৰ ৷ সন্ধিয়া 5 বজাৰ পিচত পৰ্যটকৰ নিষেধাজ্ঞা তেজপুৰৰ পৰ্যটনস্থলীত ৷ শোণিতপুৰ জিলা আয়ুক্তই জাৰি কৰিলে এই নিৰ্দেশ ।

Tezpur Tourist spots
সন্ধিয়া 5 বজাৰ পাচত কোনো লোকে উপস্থিত থাকিব নোবাৰিব তেজপুৰৰ পৰ্যটনস্থলীত

সন্ধিয়া 5 বজাৰ পাচত কোনো লোকে উপস্থিত থাকিব নোবাৰিব তেজপুৰৰ পৰ্যটনস্থলীত

তেজপুৰ, 2 অক্টোবৰ : তেজপুৰৰ পৰ্যটনস্থলীত সুৰামত্ত যুৱকৰ উদ্ভণ্ডালি ৷ সুৰা সেৱন কৰি উদ্ভণ্ডালি সৃষ্টি কৰা যুৱকক আটক কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, ৰাইজৰ অভিযোগৰ ভিত্তিত দেওবাৰে সন্ধিয়া 5 বজাত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই চাডেন ভিজিট কৰিছিল তেজপুৰ দেৱী সিং ঘাট, ব্ৰহ্মপুত্ৰৰ পাৰত থকা পৰ্যটনস্থলী ৷

তেনেতে জিলা আয়ুক্তক অশালীন ব্যৱহাৰ কৰাৰ লগতে উদ্ভণ্ডালি সৃষ্টি কৰে সুৰামত্ত যুৱকে ৷ লগে লগে জিলা আয়ুক্তৰ সুৰক্ষা দলে আটক কৰে সুৰামত্ত যুৱকজনক ৷ তেজপুৰৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মত সীমান্ত বৰা নামৰ যুৱকজনক আয়ুক্তৰ সুৰক্ষা দলে নিশাটোৰ বাবে তেজপুৰ সদৰ আৰক্ষী থানাত আটক কৰি ৰাখে ।

প্ৰতি শনিবাৰ আৰু দেওবাৰে তেজপুৰ দেৱী সিং ঘাটৰ পৰ্যটনস্থালীত দূৰ-দূৰণিৰ পৰা বিভিন্ন পৰ্যটকৰ দল সমাগম হয় । কিন্তু পৰ্যটকৰ নামত অহা একাংশ লোকে সুৰাপান কৰি পৰিৱেশ কদৰ্যময় কৰি তোলে । স্থানীয় লোকৰ এই অভিযোগৰ ভিত্তিত জিলা আয়ুক্তৰ অভিযানত সমগ্ৰ তথ্য পোহৰলৈ আহে ৷

উক্ত ঘটনাৰ পাচতে আয়ুক্তই তাৎক্ষণিক ভাৱে বলবৎ হোৱাকৈ ব্ৰহ্মপুত্ৰৰ পাৰত থকা সকলো স্থানতে সন্ধিয়া 5 বজাৰ পিচত পৰ্যটক আৰু সাধাৰণ ৰাইজৰ উপস্থিতিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে ৷ তেজপুৰ চহৰৰ লগতে থকা দেৱী সিং ঘাট, ৰুদ্ৰ পদ, গণেশ ঘাট, ভৈৰৱী মন্দিৰ, বিষ্ণু ৰাভাৰ সমাধিস্থলীৰ দৰে ঐতিহাসিক স্থান সমূহত সুৰা, ড্ৰাগছ আৰু ভাং আদিৰ সূলভ বাণিজ্য গঢ়ি উঠাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷

দিনৰ পোহৰতে মহাবিদ্যালয়ৰ ছাত্ৰই ৰুদ্ৰ পদ বা দেৱী সিং ঘাট অঞ্চলত ড্ৰাগছ সেৱন প্ৰত্যক্ষ কৰা বুলি ৰাইজে জিলা আয়ুক্তক অভিযোগ দিছিল ৷ আনহাতে জিলাখনৰ ভালোকপং নামেৰী অঞ্চলত অবাধ সুৰাৰ প্ৰচলনত বহুতো দুৰ্ঘটনা সংঘটিত হৈছে লগতে উক্ত পথেৰে টাৱাং লৈ যোৱা বহুতো পৰ্যটকৰ বাবে অসুবিধাৰ হৈ পৰে বুলি জিলা আয়ুক্ত মিশ্ৰই জানিবলৈ দিয়ে ।

আনহাতে জিলাৰ আৰক্ষী বিষয়াসকলক এই স্থান সমূহত চোকা দৃষ্টি নিক্ষেপ কৰিবলৈ নিৰ্দেশ জাৰি কৰে । তেওঁ লগতে কয় যে দেৱী সিং ঘাটত স্থানীয় লোকৰ সহযোগিতাত এটি তদাৰকী দল গঠন কৰিব যাতে 5 বজাৰ পিচত কোনো ধৰণৰ লোক উক্ত স্থানত থাকিব নোৱাৰে ।

লগতে পঢ়ক:Press Meet of JACTWW : ২৯ নৱেম্বৰত চাহ শ্রমিকৰ ন্য়ূনতম মজুৰিৰ দাবীত ধৰ্মঘটৰ আহ্বান

ABOUT THE AUTHOR

...view details