অসম

assam

ETV Bharat / state

শোণিতপুৰ জিলাত গাহৰি মাংস বিক্ৰী আৰু সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা

অসম চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিবৰ পৰা পোৱা নিৰ্দেশৰ ভিত্তিত শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰোহন ঝাই ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনৰ কোনো কোনো অঞ্চলত চোৱাইন জ্বৰত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰিয়ে যাতে অধিক ভয়াবহ ৰূপ ল'ব নোৱাৰে, তাৰ প্ৰতিৰোধ হিচাবে কিছু নিষেধাজ্ঞা আৰোপ কৰিছে ।

dist administration ban-on-pork-selling-at-sunitpur
শোণিতপুৰ জিলাত গাহৰি মাংস বিক্ৰী আৰু সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা

By

Published : Jul 22, 2020, 2:19 PM IST

তেজপুৰ,২২জুলাই: এই নিষেধাজ্ঞা অনুসৰি এতিয়াৰে পৰা সমগ্ৰ জিলাখনত গাহৰিৰ সৰবৰাহ, ব্যক্তিগত ভাৱে গাহৰি ইঠাইৰ পৰা সিঠাইলৈ কঢ়িওৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে । তদুপৰি গাহৰি বধ কৰা বা বিক্ৰী কৰা, গাহৰি মাংসৰ আন্তঃজিলা সৰবৰাহ, গাহৰিৰ মুক্ত বিচৰণ তথা অন্য ঘৰচীয়া গাহৰিৰ সংস্পৰ্শলৈ অহা, মৃত গাহৰি বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে ।

ইয়াৰোপৰি মৃত গাহৰি পেলাই দিয়াৰ পৰিৱৰ্ত্তে জৈৱিক সুৰক্ষা পদ্ধতি অৱলম্বন কৰি গভীৰ গাঁত খান্দিহে পুটিবলৈ নিৰ্দেশত উল্লেখ কৰিছে । মৃত গাহৰি সমূহ মুকলি ঠাইত তথা নদী বা নদীৰ দাঁতিত পেলোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিছে । লগতে গাহৰিৰ খাদ্য ইখন ফাৰ্মৰ পৰা সিখন ফাৰ্মলৈ সৰবৰাহ তথা বিতৰণ কৰাও সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে । এই ক্ষেত্ৰত গাহৰি পালক সকলে তেওঁলোকৰ নিজৰ ফাৰ্মৰ বাবে গাহৰিৰ খাদ্য তথা দানা আদি নিৰ্দিষ্ট দোকান আৰু অনুমোদিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাহে ক্ৰয় কৰিব পাৰিব ।

শোণিতপুৰ জিলাত গাহৰি মাংস বিক্ৰী আৰু সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা

যদিহে কোনো গাহৰিৰ অধিক জ্বৰ তথা যিকোনো অসাধাৰণ কাৰণত মৃত্যু প্ৰত্যক্ষ কৰে তেনে ক্ষেত্ৰত গৰাকীয়ে অনতিপলমে জিলা পশু চিকিৎসালয় বা স্থানীয় প্ৰশাসনক অৱগত কৰিবলৈ নিৰ্দেশনাটোত পৰামৰ্শ দিয়া হৈছে । তাৰোপৰি সংশ্লিষ্ট বিভাগক ফাৰ্ম সমূহ পৰ্যবেক্ষণৰ লগতে জৈৱিক সুৰক্ষা সন্দৰ্ভত নিয়মীয়াভাৱে পৰিস্কাৰ কৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

ৰাজহুৱা শান্তি শৃংখলা তথা গাহৰিৰ ৰোগ প্ৰতিৰোধ অটুত ৰখাৰ স্বাৰ্থত তৎকালীন ভাৱে জাৰি কৰা এই নিষেধাজ্ঞা সমগ্ৰ জিলাখনত পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি উল্লেখ কৰা হৈছে নিৰ্দেশনাটোত । কোনো লোকে এই আদেশ অমান্য কৰিলে ভাৰতীয় ফৌজদাৰী আইনৰ ১৮৮ ধাৰাৰ অধীনত কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও কঠোৰ সকীয়নি দিলে জিলা প্ৰশাসনে ।

ABOUT THE AUTHOR

...view details