অসম

assam

By

Published : Aug 3, 2023, 9:15 PM IST

ETV Bharat / state

Manipur violence: বিতৰ্কিত ভূমিত কৰিব নোৱাৰিব কুকি শ্বহীদৰ ৰাজহুৱা সমাধি; বসন্তকুমাৰ সিং

আগন্তুক 7 দিনৰ ভিতৰত মণিপুৰৰ কুকি শ্বহীদসকল সমাধিস্থ কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এক পত্ৰযোগে সদৰী কৰে এই কথা ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে মণিপুৰৰ আইন মন্ত্ৰী বসন্তকুমাৰ সিঙে ৷

Etv Bharat
Etv Bharat

তেজপুৰ, 3 আগষ্ট: মণিপুৰত ৰাজহুৱা সমাধি বাতিল কৰা সন্দৰ্ভত এক বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে মণিপুৰৰ মণিপুৰৰ আইন আৰু আইনী পৰিক্ৰমা মন্ত্ৰী বসন্তকুমাৰ সিঙে (Th. Basantakumar Singh) ৷ সংবাদমেলত তেওঁ কয় যে মণিপুৰ উচ্চ ন্যায়ালয়ে এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এক নিৰ্দশনা প্ৰদান কৰিছে ৷

বিতৰ্কিত ভূমিত কৰিব নোৱাৰিব কুকি শ্বহীদৰ ৰাজহুৱা সমাধি

তেওঁ লগতে কয় যে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, আইন প্ৰৱৰ্তনকাৰী সংস্থা আৰু দুয়োটা সম্প্ৰদায়ৰ ৰাইজক পৰৱৰ্তী শুনানিলৈকে বিতৰ্কিত ভূমিৰ স্থিতি বজাই ৰাখিবলৈ নিৰ্দেশ দিছে ৷ অৰ্থাৎ বিতৰ্কিত ভূমিত হ’ব নোৱাৰিব ৰাজহুৱা সমাধি ৷ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বিতৰ্কিত ভূমিৰ আশে-পাশে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে কাৰ্যকৰী ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে ৷ ইয়াৰ উপৰিও, ন্যায়ালয়ে বিষয়টোত এক সৌহাদ্যপূৰ্ণ মীমাংসা বিচাৰিবলৈ আহ্বান জনাইছে ৷

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সকলো সংশ্লিষ্ট পক্ষক শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাই এখন পত্ৰ প্ৰেৰণ কৰে ৷ ভাৰত চৰকাৰে লগতে আশ্বাস দিয়ে যে তেওঁলোকে সকলো পক্ষৰ সন্তুষ্টিৰ বাবে সাত দিনৰ ভিতৰত জাতিগত হিংসাত নিহতসকলৰ অন্তিম সংস্কাৰৰ সমস্যা সমাধানৰ বাবে কাম কৰিব ৷

সংবাদমেলত মন্ত্ৰী বসন্তকুমাৰে ৰাইজক উৰাবাতৰিৰ ওপৰত নিৰ্ভৰ নকৰিবলৈ আৰু প্ৰামাণিক তথ্য বিচাৰিবলৈ আহ্বান জনায় । জিলা দণ্ডাধীশৰ জাননী অনুসৰি শুকুৰবাৰে পুৱা 5 বজাৰ পৰা দুপৰীয়া 12 বজালৈ পশ্চিম ইম্ফল জিলাত কাৰফিউ শিথিল কৰা হৈছে । ইয়াৰ আগতে পূৰ্বে জিলাখনত 144 জাৰি কৰা হৈছিল ৷

উল্লেখ্য যে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত কুকি সংগঠনে আয়োজন ৰাজহুৱা সমাধি বাতিল কৰা হয় । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশযোগে বৃহস্পতিবাৰে মণিপুৰৰ হিংসাত মৃত্যু হোৱা লোকৰ ৰাজহুৱা সমাধিৰ কাৰ্যসূচী বাতিল কৰে । ইফালে সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা আৰু দণ্ডাধীশৰ উপস্থিতিত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ভূমিত এই সমাধিৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে কুকি সম্প্ৰদায়ে ।

লগতে পঢ়ক:Article 370 hearing : ৰাষ্ট্ৰপতি শাসন গণতন্ত্ৰ ধ্বংসৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি; উচ্চতম ন্যায়ালয়

ABOUT THE AUTHOR

...view details