তেজপুৰ, ২৯ এপ্ৰিল: ৰাজ্যখনৰ পৌৰ এলেকাসমূহৰ পৰিকল্পিত উন্নয়নৰ ৰূপৰেখা তৈয়াৰৰ বাবে চৰকাৰে চেষ্টা চলাইছে চৰকাৰে (Discussion on Planned development of municipal)। ইয়াৰে এক প্ৰয়াস হিচাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে শুকুৰবাবে তেজপুত উপস্থিত হয় (Minister Ashok Singhal at Tezpur)। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেজপুত সমাৱৰ্তন কেন্দ্ৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকল তথা নগৰ পৰিকল্পনাকাৰীসকলৰ সৈতে এক দিনজোৰা আলোচনাত মিলিত হয় (Meeting at Tezpur Convocation Centre)।
শুকুৰবাৰৰ এই বিশেষ নগৰ পৰিকল্পনা বিভাগৰ বিষয়াসকল তথা নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকলৰ ৰাজ্যিক সন্মিলনত সমগ্ৰ অসমৰ নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকলে তেওঁলোকৰ সংশ্লিষ্ট নগৰ এলেকাত কাম-কাজৰ সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে মন্ত্ৰী অশোক সিংহলক অৱগত কৰে । সেইদৰে নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ উপ-সঞ্চালকসকলে তেওঁলোকৰ অভিজ্ঞতালব্ধ পৰামৰ্শ আৰু নতুন ধাৰণাৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰেজেণ্টেশ্যন আগবঢ়ায় ।