অসম

assam

ETV Bharat / state

Jal Jeevan Mission: জলজীৱন মিছন নে প্ৰহসন, নিৰ্মাণৰ পাচতো ৰাইজে খাবলৈ নাপালে পানী

তেজপুৰত কিদৰে চলিছে জলজীৱন মিছনৰ কাম ! আঁচনিৰ কাম সম্পূৰ্ণ হ’ল কিন্তু ৰাইজে নাপালে এটুপিও বিশুদ্ধ খোৱাপানী ৷

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:47 PM IST

Updated : Sep 23, 2023, 2:09 PM IST

Jal Jeevan Mission
জলজীৱন মিছন নে প্ৰহসন

তেজপুৰ, 23 ছেপ্টেম্বৰ : ৰাজ্যত কিদৰে চলিছে জলজীৱন মিছনৰ কাম ! বিশেষকৈ শোণিতপুৰ জিলাৰ তেজপুৰত জলজীৱন আঁচনিসমূহৰ নতুনকৈ অনুমোদিত অধিকাংশ কামতে ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ জিলাখনত ঠিকাদাৰক ধন আদায়ৰ পূৰ্বে অস্থায়ীভাবে নিয়োজিত তৃতীয় পক্ষৰ নিৰীক্ষণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷

উল্লেখ্য যে, কামৰ নিৰীক্ষণৰ বাবে চৰকাৰী ভাবে একোটা দলক দায়িত্ব দিয়া হৈছে আৰু এই সকলৰ নামত অযথা চৰকাৰী ধন ব্যয়ৰ পথ প্ৰশস্ত কৰা হৈছে নেকি ৷ কিয়নো তৃতীয় পক্ষই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰিকৰী শাখা আৰু গাণনিক শাখা মিলি অতি নিম্নমানৰ কামৰ বিপৰীতে ঠিকাদাৰক ধন মোকলাই দিয়াৰ অভিযোগ উঠিছে ৷

শোণিতপুৰৰ বিভিন্ন স্থানত জলজীৱন আঁচনিৰ অধীনত নিৰ্মিত একোখন আঁচনিৰ কামৰ বিসংগতি প্ৰকাশৰ সত্বেও এনে বিসংগতি দূৰ নকৰাক লৈ ৰাইজে আপত্তি জনাইছিল ৷ তৎসত্বেও জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো গুৰুত্ব আৰোপ কৰা নাই ৷

উল্লেখ্য যে, শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টি অন্তৰ্গত দুই নম্বৰ ঘগৰাত জলজীৱন ৰূপায়ণ কৰা হৈছিল মুঠ 96 লাখ 20 হেজাৰ টকাৰ ব্যয়ৰে ৷ তেজপুৰ সংমণ্ডলৰ অধীনত ৰূপায়ণ কৰা এই আঁচনিৰ কাম কেতিয়াবাই সম্পূৰ্ণ হ’ল যদিও বৰ্তমান ওলোমাই ৰখা হৈছে এটা তলা ৷ ইফালে ৰাইজে এটোপালো পানী এই পৰ্যন্ত লাভ কৰা নাই ৷ জলজীৱন আঁচনিখনৰ অধীনত নিৰ্মাণ কৰা এডাল পাইপ তিনিমাহ পূৰ্বেই ফাটিল ৷ কিন্তু এই পৰ্যন্ত মুখ্য পাইপৰ মেৰামতি কৰা নহ’ল ৷

এই নতুন আঁচনিৰ পাইপ, টেংকি ফটাৰ একাধিক উদাহৰণ আছে ৷ কিন্তু তাৰ কোনো তদন্ত নোহোৱা তথা এনে কামৰে জড়িত ঠিকাদাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নোহোৱাৰ মূলতে হ’ল তৃতীয় পক্ষৰ নিৰীক্ষকৰ ক্লীনশ্বিত ৷ একোটা নিম্নমানদণ্ডৰ কামৰ বিপৰীতে এই বেচৰকাৰী নিৰীক্ষকে ক্লীনশ্বিট দিয়াৰ লগে লগেই বিভাগীয়ভাবে কোনো বাছবিচাৰ নকৰাকৈ ধন মোকলাই দিয়াৰ বাবেই জলজীৱন আঁচনিৰ দ্বাৰা ঠিকাদাৰৰে লাভ হৈছে অধিক ৷

ৰাজনৈতিক আশীষপুষ্ঠ একাংশ ঠিকাদাৰৰ কামৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন স্থানত উত্থাপিত অভিযোগ, আঁচনিৰ বিপৰীতে ৰাইজে পানী লাভ নকৰা স্বতেও বিভাগীয় নথিপত্ৰত এনে কামকে সম্পূৰ্ণ হোৱা দেখুৱাই জলজীৱন মিছনৰ সফলতা জাহিৰ কৰা বিভাগৰ কাৰ্যত ক্ষোভিত হৈছে ৰাইজ ৷

লগতে পঢ়ক:1942 Martyrs Day observed: ৪২ৰ ঢেকিয়াজুলিৰ ১৩গৰাকী শ্বহীদক স্মৰণ প্ৰদেশ কংগ্ৰেছৰ

Last Updated : Sep 23, 2023, 2:09 PM IST

ABOUT THE AUTHOR

...view details