তেজপুৰ, 30 এপ্ৰিল:2মে'ত অনুষ্ঠিত হʼবলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কোনো বিজয়ী প্ৰাৰ্থী বা ৰাজনৈতিক দলে বিজয় সমদল উলিওৱাৰ ক্ষেত্ৰত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ 144 ধাৰাৰ অধীনত নিষাধাজ্ঞা আৰোপ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ।
ইয়াৰ উপৰিও ফলাফল ঘোষণাৰ হোৱাৰ পাছত বিজয়ী প্ৰাৰ্থী বা তেওঁৰ প্ৰতিনিধিয়ে ৰিটাৰ্ণিং বিষয়াৰ পৰা প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰ সময়ত লগত দুজনতকৈ অধিক ব্যক্তি লগত থাকিব নোৱাৰিব বুলি এক নিৰ্দেশ জাৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ।