অসম

assam

ETV Bharat / state

ঢেকিয়াজুলিত গৰাখহনীয়া সমস্যাৰ মাজেৰে মহা অষ্টমী মেলা উদযাপন

শোণিতপুৰৰ ঢেকীয়াজুলিত পালন কৰা হৈছে বৃহৎ অষ্টমী মেলা, শিশু কৃষ্ণৰ গুণ গৰিমা, বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ঢেকীয়াজুলি অঞ্চল । ঢেকীয়াজুলি বেলশিৰি নৈৰ কাষত আয়োজন কৰা অশোক অষ্টমী গংগা মেলাত এক প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিলে নৈৰ গৰাখহনীয়াই

শ্ৰীকৃষ্ণৰ গুণ গৰিমা, বন্দনাৰে মুখৰিত সমগ্ৰ ঢেকীয়াজুলি অঞ্চল

By

Published : Apr 14, 2019, 5:15 PM IST

ঢেকীয়াজুলি, 14 এপ্ৰিলঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে শোণিতপুৰৰ ঢেকীয়াজুলিতো পালন কৰা হৈছে বৃহৎ অষ্টমী মেলা । শিশু কৃষ্ণৰ গুণ গৰিমা, বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ঢেকীয়াজুলি অঞ্চল । অষ্টমী উপলক্ষে ঢেকীয়াজুলি বেলশিৰি নৈৰ কাষত আয়োজন কৰা হৈছে অশোক অষ্টমী গংগা মেলাৰ৷ সকলো ধৰ্মাৱলম্বীৰ লোকে অংশ লোৱা এই মেলাত প্ৰায় 2 লক্ষাধিকৰো অধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় । কোনোবাই যদি সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্যত আন কোনোবাই শ্ৰী কৃষ্ণৰ আশীষ বিচাৰি আহিছে অষ্টমী মেলালৈ ,এই মেলাক কেন্দ্ৰ কৰি কুমাৰ সকলেও বছৰ-বছৰ ধৰি মাটিৰ পাত্ৰ বিক্ৰী কৰি জীয়াই ৰাখি আহিছে পুৰণি সংস্কৃতি তথা পৰম্পৰা ।

শ্ৰীকৃষ্ণৰ গুণ গৰিমা, বন্দনাৰে মুখৰিত সমগ্ৰ ঢেকীয়াজুলি অঞ্চল


এফালে যদি মেলাৰ আনন্দ আনফালে আকৌ সাংবাদিকৰ কেমেৰাত বন্দী হ'ল কিছুমান ভয়ংকৰ দৃশ্য । বেলশিৰি নৈৰ পাৰত অনুষ্ঠিত অষ্টমী মেলাৰ দোকান বোৰ খহি পৰি যিকোনো মুহুৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা৷ পৰম্পৰাগতভাৱে বেলশিৰি নৈৰ কাষত এই অশোক অষ্টমী গংগা মেলা অনুষ্ঠিত হৈ আহিছে যদিও মেলালৈ অহা মূল পথটোত উক্ত নৈ খনৰ গৰাখহনীয়াই ৰাইজক যথেষ্ট অসুবিধাত পেলাইছে । অসংখ্য লোকৰ সমাগম ঘটা এই মেলাত যিকোনো সময়তে পাৰ ভাগি নৈত বাগৰি পৰিব পাৰে মানুহ । এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক মেলা উদযাপন কমিটিয়ে অতি শীঘ্ৰেই দৃষ্টি দিবলৈ আহ্বান জনায়৷

ABOUT THE AUTHOR

...view details