তেজপুৰ, ৫ মাৰ্চ: ৰাজ্যত ক্ৰমে উত্তাল হৈ পৰিছে নিৰ্বাচনী বতাহ । প্ৰাৰ্থীৰ তালিকা প্ৰকাশক লৈ সমষ্টিয়ে সমষ্টিয়ে দলীয় কৰ্মীৰ মাজত দেখা গৈছে সংঘাত । প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ঢেকিয়াজুলিত দেখা গৈছে আন এক ছবি । স্থানীয় লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ দাবীত বিধায়ক অশোক সিংহলৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ বিজেপি সমৰ্থকৰ লগতে কেবাটাও দল সংগঠনৰ নেতা-কৰ্মীয়ে ।
ঢেকীয়াজুলিত জ্বলিল অশোক সিংহলৰ প্ৰতিমূৰ্তি - ঢেকিয়াজুলি
ৰাজ্যখনত ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰাৰ আগমুহূৰ্তত ঢেকিয়াজুলি সমষ্টিত জ্বলিল বিধায়ক অশোক সিংহলৰ প্ৰতিমূৰ্তি ৷ সম্প্ৰতি ৰাজ্যৰ ঠায়ে-ঠায়ে অব্যাহত আছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত ।
ঢেকীয়াজুলিত জ্বলিল অশোক সিংহলৰ প্ৰতিমূৰ্তি
শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধান সভা সমষ্টিত স্থানীয় যোগ্য লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ দাবীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিধায়ক অশোক সিংহলৰ প্ৰতিমূৰ্তি দাহ কৰি একাংশ বিজেপি সমৰ্থকৰ লগতে আছা, কোচ ৰাজবংশী, বজৰংগ দল, বঙালী ফেডাৰেচনৰ একাংশ নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰি সমষ্টিটোৰ একাংশ পঞ্চায়তৰ সভাপতি আৰু দলীয় কৰ্মীয়ে পদত্যাগ কৰে ।
লগতে পঢ়ক: ভোটাৰক সজাগ কৰিবলৈ বিশেষ পদক্ষেপ ডিব্ৰুগড় জিলা প্ৰশাসনৰ