তেজপুৰ, ২০ ডিচেম্বৰ :উদণ্ড বাইকাৰ্ছ সাৱধান হওক । নহ'লে আৰক্ষীৰ লাঠিৰ কোব পৰিব চালকৰ পিঠিত । জৰিমনা ভৰিব লাগিব তীব্ৰ বেগত বাহন চলোৱা লোকে । উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ হ'ব বুলি তেজপুৰত সকীয়নি দিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskarjyoti Mahanta tough warning to bikers) । লগতে তেওঁৰ সাৱধানবাণী, বনভোজৰ আনন্দ লওক কিন্তু সুৰাপায়ী চালক লৈ নাযাব । অন্যথা বনভোজৰ সলনি ৰঙাঘৰৰ ভাত খাব লাগিব । তাৰ বাবে জগৰীয়া হ'ব বনভোজ আয়োজক সমিতি ।
ৰাজ্যত বৃদ্ধি পোৱা দুৰ্ঘটনা আৰু উদণ্ড বাইকাৰ্ছৰ তাণ্ডৱ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ হ'ব বুলি ঘোষণা কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই (Assam police strict against drink and drive) । উল্লেখ্য, ৰাজ্যখনত অধিক দুৰ্ঘটনা সংঘটিত আঠখন জিলাৰ ভিতৰত অন্যতম হৈছে শোণিতপুৰ জিলা । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে মঙলবাৰে তেজপুৰত উপস্থিত হৈ শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল (DGP Bhaskarjyoti Mahanta at Tezpur) অনুষ্ঠিত কৰে ।
সংবাদমেলত আৰক্ষী সঞ্চালকগৰাকীয়ে কয় যে চলিত বৰ্ষত এতিয়ালৈকে ৬,৩০৮ টা দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইয়াৰে ১০ হাজাৰৰো অধিক লোকে মৃত্যুবৰণ কৰিছে । আনহাতে, ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ বিশেষ ব্যৱস্থা ল'বলৈও নিৰ্দেশ দিছে ডিজিপিগৰাকীয়ে । ইয়াৰ পূৰ্বে শোণিতপুৰ জিলা উপায়ুক্তৰ লগত এক বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালকগৰাকী (Assam police DGP meeting with Sonitpur DC) । তেওঁ কয় যে অসমত ২০২২ চনত মুঠ ৭,৩৭০ টা দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে চলিত বৰ্ষত ৬,৩০৮ টা দুৰ্ঘটনা সংঘটিত হয় ।