অসম

assam

ETV Bharat / state

তেজপুৰৰ মহাভৈৰৱ মন্দিৰত শিৱৰাত্ৰিৰ আয়োজন - Temple

ঐতিহাসিক মন্দিৰটোত ব্যাপক উচাহ-উদ্দীপনাৰে চলিছে ভগৱান শিৱৰ পূজা অৰ্চনা। ভগৱানৰ ওচৰত আশিষ বিচাৰি আগমন ঘটিছে বিভিন্ন স্থানৰ ভক্তৰ।

তেজপুৰৰ মহাভৈৰৱ মন্দিৰত শিৱৰাত্ৰী পালন

By

Published : Mar 4, 2019, 2:27 PM IST

তেজপুৰ, ৪ মাৰ্চ: সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহতো দেখা পোৱা গৈছেভক্তৰ ভিৰ। ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ ঐতিহাসিক মহাভৈৰব মন্দিৰো ।

তেজপুৰৰ মহাভৈৰৱ মন্দিৰত শিৱৰাত্ৰী পালন
অগণন ভক্তই মন্দিৰৰ লিংগত গাখীৰ,বেলপাত আদিৰে ধুই প্ৰাৰ্থনা জনোৱা পুৱাৰে পৰা দেখা গৈছে।

শিৱৰাত্ৰিউপলক্ষে মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈছে মেলা । আগন্তুক তিনিদিন ধৰি চলিব এই মেলা । মেলাৰ বাবে পৰুৱা চাৰিআলিৰ পৰা তেজপুৰ চহৰৰ মাজেদি যাবলৈ সক্ষম নহ'ব যিকোনো ধৰণৰ যান বাহন। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে সম্পূৰ্ণ কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা । শোণিতপুৰৰ আৰক্ষী উপ অধীক্ষক নোমাল মাহাতোইনিৰাপত্তা ব্যৱস্থা বিষয়ে জানিবলৈ দিয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details