অসম

assam

ETV Bharat / state

তেজপুৰত পৰম্পৰা ৰক্ষাৰে গৰু বিহু পালন

বিগত বৰ্ষত ভয়াৱহ কৰ’ণা মহামাৰীৰ কবলত সমগ্ৰ দেশ লক ডাউনৰ মাজত থকাৰ বাবে উদযাপন কৰিব পৰা হোৱা নাছিল অসমীয়াৰ আদৰৰ ৰঙালী বিহু ৷ এইবাৰ ৰাজ্য়বাসীয়ে দুগুণ উৎসাহেৰে ভাগ লৈছে ৰঙালীৰ ৰঙত ৷

despite-of-covid-people-are-taking-part-in-bihu-celebration
পৃথিৱীৰ অসুখে ম্লান কৰিব পৰা নাই অসমীয়াৰ বিহুৰ উচাহ

By

Published : Apr 14, 2021, 8:17 PM IST

তেজপুৰ,14 এপ্ৰিল: পৃথিৱীৰ অসুখে ম্লান কৰিব পৰা নাই অসমীয়াৰ জাতীয় আবেগক ৷ যোৱাবেলি আদৰৰ বিহুটিক কৰ’ণাৰ কলিয়া ডাৱৰে আৱৰি ৰখাত ঘৰতে আবদ্ধ হ’বলগীয়া হৈছিল সকলো ৷ গৰু বিহুৰে আৰম্ভ হোৱা ৰঙালী বিহুত অসমীয়া জাতি বঞ্চিত হৈছিল নদীৰ পাৰলৈ গৈ গৰু গা ধুওৱাৰ আনন্দ লাভৰ পৰা ৷ যোৱাটো বৰ্ষৰ শেষভাগলৈ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ অহা কৰ’ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে এতিয়া ধাৰণ কৰিছে ব্যাপক ৰূপ ৷

পৃথিৱীৰ অসুখে ম্লান কৰিব পৰা নাই অসমীয়াৰ বিহুৰ উচাহ

দেশৰ অইন প্ৰান্তৰ দৰেই অসমতো প্ৰশাসনে কৰ’ণা নিয়ন্ত্ৰণৰ বাবে বান্ধি দিছে নিৰ্দেশনা ৷ পিছে ইয়াৰ মাজতো স্থবিৰ হোৱা নাই বিহু উদযাপনৰ বাবে অসমীয়াৰ পাৰভঙা উচাহ ৷ সমগ্ৰ অসমৰ লগতে তেজপুৰৰ ডিপোটা, ন আলি, মিলনপুৰ, মাজগাওঁ, বেচেৰীয়া, বিহগুৰি, পৰ্বতীয়া আদিকে ধৰি সকলো অঞ্চলত পুৱা গৰু গা ধুৱাই নদীৰ পাৰত ডেকা-গাভৰুৱে ৰঙালী বিহু পৰিৱেশন কৰে ৷ ৰাইজৰ মাজতে ৰঙালীৰ ৰং-উচাহৰ অংশ হোৱা দেখা গ’ল তেজপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক ৷

লগতে পঢ়ক :অসমৰ সংস্কৃতিৰ পৰা ক্ৰমশ বিলুপ্তিৰ পথত কড়ি খেল

ABOUT THE AUTHOR

...view details