অসম

assam

ETV Bharat / state

মিছামাৰীত গড়কাপ্তানি পথেৰে ৰাইজৰ বিপদ সংকুল যাত্ৰাঃ ৰে'লপথ অৱৰোধৰ হুংকাৰ স্থানীয় ৰাইজৰ

মিছামাৰীত গড়কাপ্তানি পথেৰে ৰাইজৰ বিপদ সংকুল যাত্ৰা ৷ মিটাৰগজ থকাৰ সময়ত উক্ত ঠাইত এটা লেভেল ক্ৰছিং আছিল । কিন্তু পৰৱৰ্তী সময়ত ব্ৰডগজ ৰে'ল সেৱালৈ সম্প্ৰসাৰণ হোৱাৰ সময়ত ৰাইজক যাতায়তৰ বাবে ৰে'লৱে কৰ্তৃপক্ষই তলেৰে সুৰংগ কৰি দিয়ে ।

By

Published : Sep 8, 2019, 3:13 PM IST

মিছামাৰীত গড়কাপ্তানী পথেৰে ৰাইজৰ বিপদ সংকুল যাত্ৰা

ৰঙাপৰা,8ছেপ্টেম্বৰঃ শোণিতপুৰৰ মিছামাৰীবাসী ৰাইজে ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানি পথচোৱাত থকা এটা সুৰংগৰ বাবে দীৰ্ঘদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে । মিছামাৰীৰ গাভৰু নৈৰ পাৰত থকা ভাৰতীয় সেনাৰ পহৰা চকীৰ কাষেৰে যোৱা গড়কাপ্তানি পথচোৱাত ৰে'লৱে বিভাগে লেভেল ক্ৰছিং স্থাপনৰ বিপৰীতে ৰঙাপৰা-ৰঙিয়া ৰে'ল পথচোৱাৰ তলেৰে সুৰংগ কৰি ৰাইজক যাতায়তৰ সুবিধা কৰি দিয়ে । উল্লেখ্য যে মিটাৰগজ থকাৰ সময়ত উক্ত ঠাইত এটা লেভেল ক্ৰছিং আছিল । কিন্তু পৰৱৰ্তী সময়ত ব্ৰডগজ ৰে'ল সেৱালৈ সম্প্ৰসাৰণ হোৱাৰ সময়ত ৰাইজক যাতায়তৰ বাবে ৰে'লৱে কৰ্তৃপক্ষই তলেৰে সুৰংগ কৰি দিয়ে । ইফালে সুৰংগটো মৰণ ফান্দলৈ পৰিণত হোৱাৰ লগতে উক্ত ঠাইত প্ৰায় ৮ মাহেই বৰষুণৰ পানী জমা হৈ থাকে। যাৰ ফলত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে উপায়হীন হৈ বিপদ সংকুল ভাৱেই ৰে'লপথৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে।

মিছামাৰীত গড়কাপ্তানী পথেৰে ৰাইজৰ বিপদ সংকুল যাত্ৰা

ABOUT THE AUTHOR

...view details