তেজপুৰ,13আগষ্টঃ সমাগত দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ 15 আগষ্টৰ বিশেষ দিনটোতে দেশবাসীয়ে কঢ়িয়াই লৈ ফুৰে স্বাধীন হোৱাৰ গৌৰৱ ৷ সমান্তৰালভাৱে প্ৰতিটো মুৰ্হতত দেশৰ গৌৰৱৰ প্ৰতীক হৈ থিয় দি থাকে গেৰুৱা,শুকুলা আৰু শ্যামল ৰঙেৰে পৰিপূৰ্ণ প্ৰতিগৰাকী ভাৰতীয়ৰ আৱেগ জাতীয় পতাকাই ৷
জাতীয় পতাকাৰ চাহিদা কমিছে তেজপুৰত সমগ্ৰ দেশজুৰি কৰ'ণা মহামাৰীৰ ত্ৰাসৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ দেশৰ লগতে ৰাজ্যজুৰি অনুষ্ঠিত হ'ব স্বাধীনতা দিৱস ৷ যাৰ পৰিপ্ৰেক্ষিতত জাতীয় পতাকা ক্ৰয় কৰিবলৈও আগৰ দৰে নাই কোনো ভিৰ,নাই উছাহ ৷ তাৰেই উদাহৰণ দেখা পোৱা গ'ল তেজপুৰৰ খাদী ভাণ্ডাৰত ৷
জাতীয় পতাকাৰ চাহিদা কমিছে তেজপুৰত ই টিভি ভাৰতৰ সাংবাদিকৰ আগত তেজপুৰ খাদী ভাণ্ডাৰৰ পৰিচালক ৰঞ্জিত বৰকটকীয়ে মন্তব্য কৰে যে, স্বাধীনতা দিৱস উপলক্ষে তেজপুৰ চহৰত প্ৰতি বছৰে প্ৰায় ২৫০০ খন জাতীয় পতাকা প্ৰয়োজন হয় যদিও এইবাৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগে ১২০০ খনহে জাতীয় পতাকা যোগান ধৰিছে ৷
ইয়াৰ উপৰি এইবছৰ জাতীয় পতাকা ক্ৰয় কৰিবলৈ অহা লোকৰ সংখ্যাও যথেষ্ট কম ৷ ক'ভিড19 ৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন নিৰ্দেশনা জাৰি কৰা হৈছে ৷ এই নিৰ্দেশনাত বিয়লি 5 বজাত ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰাৰ লগতে বহিঃজিলাৰ মাজত যোগাযোগ বিচ্ছিন্ন কৰা হৈছে ৷ ইয়াৰ উপৰি বন্ধ হৈ আছে যান-বাহনৰ চলাচল , শিক্ষানুষ্ঠান, বেচৰকাৰী অফিচসমূহো ৷ যাৰ বাবেই জাতীয় পতাকা বিক্ৰী তথা যোগানৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা বুলি কয় তেজপুৰ খাদী ভাণ্ডাৰৰ পৰিচালকগৰাকীৰ লগতে খাদী ব'ৰ্ডৰ কৰ্মীয়ে ৷
উল্লেখযোগ্য যে, তেজপুৰ খাদী ভাণ্ডাৰৰ বিপনীৰ পৰা অৰুণাচল প্ৰদেশৰ চেপা আৰু অন্যান্য ঠাইলৈ যোগান ধৰা হয় জাতীয় পতাকা সমূহ ।
ক'বলৈ গ'লে ,কৰ'ণা ভাইৰাছৰ আতংকৰ সমান্তৰালকৈ লকডাউনে যেন একপ্ৰকাৰ বাৰুকৈয়ে জুৰুলা কৰিছে সকলোকে ৷ প্ৰভাৱ পেলাইছে ব্যৱসায়িক ক্ষেত্ৰৰ পৰা ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ডকো ৷
লগতে পঢ়কঃচিকিৎসালয়ত এসপ্তাহে চিকিৎসকৰ সাক্ষাৎ নাপালে ক’ভিড আক্ৰান্তই