তেজপুৰ, 11 জুলাই :বিশ্ব জনসংখ্যা দিৱস উপলক্ষে সোমবাৰে তেজপুৰত জনসংখ্যা সমাধান ফাউণ্ডেচনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(Protest over growing population control in India) । দেশত বৃদ্ধি পোৱা জনসংখ্যা বৰ্তমান ক্ৰমবৰ্ধমানভাৱে বৃদ্ধি হৈ প্ৰায় ১৪০ কোটি হৈছেগৈ । য'ত বসবাসৰ ভূমি সংকুচিত হৈ আহিছে ৷ ৰাষ্ট্ৰত বৰ্ধিত জনসংখ্যাই এটাৰ পিছত আন এটা সমস্যাৰ সৃষ্টি কৰিছে ৷
যদিহে শীঘ্ৰেই এই জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেন্তে ভৱিষ্যতে আৰু অধিক সমস্যাৰ সৃষ্টি হ'ব বুলি উল্লেখ কৰে জনসংখ্যা সমাধান ফাউণ্ডেচনে । আগন্তুক শীতকালীন অধিৱেশনত সংসদত এই বিষয়ত এখন বিধেয়ক উত্থাপন কৰি সংসদত এখন আইন প্ৰণয়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ফাউণ্ডেচনে আহ্বান জনায় ।
উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি 2023 বৰ্ষত ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ'ব পাৰে । সোমবাৰে প্ৰকাশ পোৱা এই প্ৰতিবেদনত কোৱা হৈছে যে, ২০২২ চনৰ নৱেম্বৰৰ মাজভাগলৈকে বিশ্বৰ জনসংখ্যা আঠশ কোটি হ’ব বুলি অনুমান কৰা হৈছে । ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বিভাগৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা ইউনিটে এই প্ৰতিবেদন প্ৰকাশ কৰিছে ।