অসম

assam

ETV Bharat / state

Defence Minister Rajnath singh: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সন্মুখত ভাৰতত চীন সেনাৰ বলপূৰ্বক প্ৰৱেশৰ দৃশ্য প্ৰদৰ্শন - Minister Rajnath singh visits Arunachal pradesh

দুদিনীয়া ভ্ৰমনেৰে তেজপুৰ আৰু অৰুণাচল প্ৰদেশত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ সেনাৰ লগত বাৰ্তালাপ অনুষ্ঠানত ভাৰতীয় সেনাৰ বীৰত্ব দেখি আপ্লুত হৈ ভাৰতীয় সেনাৰ পৰাক্ৰমৰ বিষয়ে গৌৰৱেৰে প্ৰশংসা কৰে মন্ত্ৰী সিঙে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সন্মুখত ভাৰতত চীন সেনাৰ বলপূৰ্বক প্ৰৱেশৰ দৃশ্য প্ৰদৰ্শন
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সন্মুখত ভাৰতত চীন সেনাৰ বলপূৰ্বক প্ৰৱেশৰ দৃশ্য প্ৰদৰ্শন

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 11:12 AM IST

Updated : Oct 24, 2023, 11:27 AM IST

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সন্মুখত ভাৰতত চীন সেনাৰ বলপূৰ্বক প্ৰৱেশৰ দৃশ্য প্ৰদৰ্শন

তেজপুৰ, 24 অক্টোবৰ : সোমবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুদিনীয়া ভ্ৰমনেৰে তেজপুৰ আৰু অৰুণাচল প্ৰদেশত উপস্থিত হয় । সোমবাৰে তেজপুৰত মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিচতেই মন্ত্ৰী আৰু সেনা প্ৰধানৰ সন্মুখত ভাৰতীয় সেনাই ভাৰত চীন সীমান্তত সংঘটিত হোৱা এক দৃশ্য উপস্থাপন কৰে ৷ তেজপুৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে নিশা সেনাই আয়োজন কৰা বৰা খানাত অংশগ্ৰহণ কৰি সেনাই আয়োজন কৰা বিভিন্ন ৰং বিৰঙী অনুষ্ঠান উপভোগ কৰে ।

এই অনুষ্ঠানত চতুৰ্থ কৰ্পছৰ অধীনত সেনাই ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ এলএচিত চীনা সৈন্যই বলপূৰ্বকভাৱে সীমান্ত অতিক্ৰম কৰি প্ৰৱেশ কৰিবলৈ কৰা অপচেষ্টা কিদৰে মষিমূৰ কৰিছিল তাৰ দৃশ্য উপস্থাপন কৰে । বিগত সময়চোৱাত গালোৱান কাণ্ডৰ পিছত ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশ আৰু ছিক্কিম অঞ্চলত চীনা সৈন্যই বলপূৰ্বক প্ৰৱেশ কৰিবলৈ কেইবাবাৰো চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় । অৱশ্যে বহু বাৰ এনে ঘটনা সেনাৰ তৰফৰ পৰা গোপনে ৰখা হয় ।

ভাৰতে চীনৰ লগত 3,440 কিলোমিটাৰ সীমান্ত আগুৰি থকাৰ বিপৰীতে একমাত্ৰ অৰুণাচল প্ৰদেশৰ মেক মোহন লাইনত 1,129 কিলোমিটাৰ সীমান্তৰ বিস্তৃত এলেকা আগুৰি আছে। পৰৱৰ্তী সময়ত তেজপুৰৰ মেঘনা ষ্টেডিয়ামত অনুষ্ঠিত সেনাৰ লগত বাৰ্তালাপ অনুষ্ঠানত ভাৰতীয় সেনাৰ বীৰত্ব দেখি আপ্লুত হৈ ভাৰতীয় সেনাৰ পৰাক্ৰমৰ বিষয়ে গৌৰৱেৰে প্ৰশংসা কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, "একমাত্ৰ দেশৰ সেনাৰ বাবে আমি শান্তিৰে আছো ৷ বৰ্তমান ভাৰতীয় সেনাৰ গৌৰৱ গাঁথা বিদেশত চৰ্চিত হৈছে । ইটালীৰ এক বিশেষ স্থানত ভাৰতীয় সেনাৰ বীৰ শ্বহীদৰ স্মাৰক আজিও সজীৱ হৈ আছে ৷ সেই স্মাৰকত শ্ৰদ্ধাঞ্জলি জনাবলৈ মই বহু দূৰ অতিক্ৰম কৰি উপস্থিত হৈছিলো ।"

এই অনুষ্ঠানৰ পিচতে আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ যাত্ৰা কৰে । মন্ত্ৰীগৰাকীয়ে টাৱাঙৰ ভাৰত-চীন সীমান্ত বুমলা পাছত উপস্থিত হৈ সেনাৰ লগত বাৰ্তালাপ কৰিব আৰু টাৱাং ৱাৰ মেম’ৰিয়েলত বীৰ সেনা জোৱান সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ।

লগতে পঢ়ক:Bangladesh train collision: বাংলাদেশত দুৰ্ঘটনাগ্ৰস্ত এগাৰোসিন্ধু গোধূলি এক্সপ্ৰেছ; অতিকমেও 15 জনৰ মৃত্যু

Last Updated : Oct 24, 2023, 11:27 AM IST

ABOUT THE AUTHOR

...view details