অসম

assam

By

Published : Jun 17, 2021, 1:08 PM IST

ETV Bharat / state

কিমিনত একেদিনাই ১১ টা পথ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

দেশৰ নামত ১১ টা সীমান্ত পথ উচৰ্গা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং(Rajnath Singh)ৰ ৷ অৰুণাচল প্ৰদেশৰ কিমিনৰ আইটিবিপি(ITBP) ৰ ১০ম বেটালিয়ানৰ মুখ্য কাৰ্যালয়ৰ পৰা ৰিম’টযোগে ৰাজনাথ সিঙে উদ্বোধন কৰে পথ কেইটা ৷

defence-minister-rajnath-singh-inaugurated-11-border-roads
ৰাজনাথ সিং

তেজপুৰ, ১৭ জুন : বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কিমিনত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং(Rajnath Singh) ৷ কিমিনৰ আইটিবিপি(ITBP)ৰ ১০ম বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ পৰা ৰিম’টযোগে কিমিন-পতিং, এপ্ৰ’চ ৰোড লোহিত, বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযোগী পথকে ধৰি মুঠ ১১ টা সীমান্তৰ পথ দেশৰ নামত মুকলি কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে । ইয়াৰ ভিতৰত ১০ টা সীমান্তৰ পথ অৰুণাচল প্ৰদেশৰ, এটা লাডাখ আৰু আনটো জম্মু-কাশ্মীৰৰ ।

পথ উদ্বোধনৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় খেল মন্ত্ৰী কিৰেণ ৰিজিজু, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ লগতে লাডাখৰ সাংসদগৰাকী ।

লগতে পঢ়ক: ভাৰতীয় শিখসকলৰ লাহোৰ ভ্ৰমণৰ অনুমতি প্ৰত্যাখান পাকিস্তানৰ

ABOUT THE AUTHOR

...view details