তেজপুৰ, ১৭ ফেব্ৰুৱাৰী:শোণিতপুৰ জিলাত বিগত সময়চোৱাত অপৰাধজনিত ঘটনাৰ সংখ্যা নিম্নগামী হৈছে (Decrease of crime scenes in Sonitpur) । জিলাখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকাত পূৰ্বে উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত হৈ থকাৰ লগতে নিতৌ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল । কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অধিক ক্ষমতা দিয়াৰ পিছত এক নতুন ৰূপত কাম কৰিছে অসম আৰক্ষীয়ে । ইয়াৰ বিপৰীত নহয় শোণিতপুৰ আৰক্ষীও ।
যোৱা ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী ১৬ তাৰিখলৈ আৰক্ষীয়ে দহটা ড্ৰাগছ সমন্ধীয় গোচৰ ৰূজু কৰিছে জিলাখনত, যিটো ৰাজ্যৰ অন্যান্য জিলাৰ তুলনাত কম । জিলাখনত বিভিন্ন ঠাইৰ পৰা এই সময়ছোৱাত ১১ জন ব্যক্তিক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ তথ্য সদৰি কৰিছে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনৱটে (SP of Sonitpur District)। তেওঁ কয় যে, জিলাখনত আৰক্ষী থানাৰ অধীনত বিশেষ অভিযানকাৰী বিষয়া নিয়োগ কৰা হৈছে, যাৰ ফলত শীৰ্ষ আৰক্ষী বিষয়াৰ সহযোগিতাত এই অপৰাধীসমূহ কৰায়ত্ব কৰি আহিছে । জিলাখনত বৰ্তমানলৈকে আৰক্ষীয়ে চলোৱা অভিযানত ১৪.০৪ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ১১৪৫.২৪৯ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰি ১১ জন লোকক ন্যায়িক জিম্মালৈ পেৰণ কৰিছে ।
আনহাতে বৰ্তমানেও মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । ইয়াৰ মাজতে চোৰাং গৰুৰ সৰবৰাহ কৰা ৭ টা গোচৰ ৰুজু হোৱাৰ উপৰিও ১০ জন লোকক গ্ৰেপ্তাৰ কৰি ১১৬ টা চোৰাংভাৱে সৰবৰাহ কৰা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে এই চোৰাং বেহাৰ লগত জড়িত ৫ খন গাড়ী জব্দ কৰে ৷
জিলাখনৰ অধিকাংশ চাহ বাগিচা অধ্যুষিত অঞ্চলৰ পৰা বিভিন্ন সময়ত বন কৰাৰ বাবে লৰা-ছোৱালী বহিঃ ৰাজ্যলৈ নিয়া আৰু নিৰুদেশ হোৱা ২৫ টা গোচৰৰ মুঠ ২১ জনক উদ্ধাৰ কৰি এনে অপৰাধৰ লগত জড়িত ৭ জনক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।