ৰঙাপৰা,৬ অক্টোবৰ: খৰস্ৰোত গাভৰু নৈৰ প্ৰৱল সোঁতে উটুৱাই নিয়া অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীৰাম কোচৰ মৃতদেহ বৃহস্পতিবাৰে নদীৰ বালিচৰত (Death body recovered at Gabharu river) উদ্ধাৰ হয় । শোণিতপুৰ জিলাৰ মিছামাৰীৰ (Death body of ex teacher recovered in Misamari) জীয়াগাভৰু গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীৰামে নৈখন পাৰ হোৱাৰ সময়তে হঠাৎ বাঢ়নি পানীয়ে তেওঁক উটুৱাই নিয়ে ।
উল্লেখ্য় যে, লক্ষীৰামে বুধবাৰে বিয়লি স্থানীয় তিনিজন লোকৰ সৈতে গৰু আনিবলৈ নদীখন পাৰ হৈ সিপাৰলৈ গৈছিল । কিন্তু হঠাৎ গাভৰু নদীখনৰ পানীৰ বাঢ়ি যোৱাত লোককেইজন সাঁতুৰি কোনোমতে পাৰ হয় যদিও শিক্ষকজনে নৈখন পাৰ হ’ব নোৱাৰিলে । নৈখনৰ পানীয়ে শিক্ষকজনক উটুৱাই নিয়ে ।