তেজপুৰ, 26 ডিচেম্বৰ : অসমত অতি উলহ-মালহেৰে পালন কৰা হ'ল পবিত্ৰ বৰদিন (Christmas celebration in Assam) ৷ পিছে বৰদিনৰ দিনাই তেজপুৰত সংঘটিত হয় এক কৰুণ ঘটনা (Tragic incident in Tezpur) ৷ শনিবাৰে নিশা বৰদিন উদযাপন কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল তেজপুৰৰ এজন যুৱক ৷
ঘটনাৰ বিৱৰণী অনুসৰি, তেজপুৰ লালমাটি আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰজেন নগৰৰ নিবাসী ধীৰেন দাসৰ দ্বিতীয় পুত্ৰ দিগন্তই শনিবাৰে আবেলি 4 মান বজাত দৰং মহাবিদ্যালয়ৰ সমীপত থকা নিজৰ ম’বাইল দোকানলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল ৷ দিগন্তই ঘৰৰ পৰা AS 01 DH 7454 নম্বৰৰ মটৰ চাইকেলখন লৈ ওলাই আহে ৷ কিন্তু নিশা 10 বজা পৰ্যন্ত যুৱকজন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে ৷
আনহাতে, দেওবাৰে পুৱাৰ ভাগত কলিয়াভোমোৰা সেঁতুৰ দক্ষিণপাৰৰ চুলুং বজাৰৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা কালভাৰ্টৰ কাষত উদ্ধাৰ হয় দিগন্তৰ মৃতদেহ (Deadbody recovered at Tezpur) ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি (Deadbody recovered by Lalmati Police ) মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে ৷