অসম

assam

ডাইনীৰ সন্দেহত মহিলাক হত্য়া, ঘটনাস্থলীত জিলা আয়ুক্ত

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:00 PM IST

Tezpur witch hunt case: তেজপুৰৰ বাঁহবাৰীত ডাইনীৰ সন্দেহত মহিলাক হত্য়া কৰাৰ ঘটনাক লৈ বৰ্তমানেও অব্যাহত তীব্ৰ চাঞ্চল্য । ঘটনা সন্দৰ্ভত বিশেষভাৱে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন । মঙলবাৰে পুৱা শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসনৰ এটা দল ।

DC of Sonitpur at the site of witch-hunting in Tezpur
ডাইনীৰ সন্দেহত মহিলাক হত্য়া, ঘটনাস্থলীত জিলা আয়ুক্ত

ডাইনীৰ সন্দেহত মহিলাক হত্য়া, ঘটনাস্থলীত জিলা আয়ুক্ত

তেজপুৰ,২৬ ডিচেম্বৰ :তেজপুৰৰ বাঁহবাৰীত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । তীব্ৰ গতিত চলিছে উক্ত ডাইনী হত্যাৰ তদন্ত । সৰব হৈ পৰিছে জিলা প্ৰশাসন । ঘটনাৰ বুজ ল'বলৈ মঙলবাৰে বাঁহবাৰীৰ ঘটনাস্থলীত উপস্থিত হয় শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ নেতৃত্বত জিলা প্ৰশাসনৰ এটা দল । ঘটনাস্থলীত উপস্থিত হৈ জিলা আয়ুক্তগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

জিলাখনৰ বিভিন্ন প্ৰান্তত সঘনে এনে ঘটনা সংঘটিত হোৱা সন্দৰ্ভ উদ্বিগ্নতা প্ৰকাশ কৰি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে, অবৈধ দেশীয় সুৰাৰ অবাধ প্ৰচলন এনে ঘটনাৰ এক কাৰক । অঞ্চলটোত অবাধে চলি থকা অবৈধ দেশীয় সুৰাৰ বিৰুদ্ধে অভিযান চলাই, ইয়াৰ প্ৰচলন নিৰ্মূল কৰাতো প্ৰধান লক্ষ্য হ'ব বুলি তেওঁ উল্লেখ কৰে । সন্ধিয়াৰ লগে লগে সুৰা সেৱনত ব্যস্ত হৈ পৰাৰ বাবেই সততে এনে ঘটনা সংঘটিত হয় বুলি প্ৰকাশ কৰে জিলা আয়ুক্তগৰাকীয়ে ।

লগতে তেওঁ কয় যে, এতিয়া জিলা প্ৰশাসনৰ প্ৰধান লক্ষ্য হ'ব ডাইনী আদিৰ দৰে অন্ধ বিশ্বাসবোৰ সাধাৰণ ৰাইজৰ মাজৰ পৰা নোহোৱা কৰাটো । ইয়াৰ বাবে জিলা প্ৰশাসন গাঁৱে গাঁৱে সোমাব লাগিব । বিভিন্ন পন্থা অৱলম্বন কৰি তেওঁলোকৰ মাজত সজগতা সৃষ্টি কৰিব লাগিব । শিক্ষা-দীক্ষাৰ প্ৰসংগ উত্থাপন কৰি জিলা আয়ুক্ত মিশ্ৰই উল্লেখ কৰে যে মানুহখিনিৰ মাজত শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি কৰি মাদকদ্ৰব্য সেৱন আদিৰ পৰা আঁতৰত ৰাখিলে সজাগতা সৃষ্টি কৰাত সুবিধা হ'ব ।

অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিলে এনে ঘটনা কমিব বুলি মত প্ৰকাশ কৰে দেৱ কুমাৰ মিশ্ৰই । কিয়নো অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'লে বা কৰ্ম ব্যস্ততা বাঢ়িলে মাদক দ্ৰব্য সেৱন বা অন্ধবিশ্বাসবোৰ দুৰ হ'ব । গাঁৱৰ সকলোৰে স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও স্বেচ্ছাসেৱী সংগঠনসমূহক গাঁওসমূহৰ মাজলৈ নি অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে গন সজাগতাৰ সৃষ্টিৰ বাবে প্ৰয়াস কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্তগৰাকীয়ে । এই ঘটনাই শেষ ঘটনা হওক বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, সমাজত বিষবাষ্প বিয়পোৱা ভণ্ড বেজ আদিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । কিয়নো এনে ভণ্ড বেজ, বাবা আদিয়ে এনে ঘটনাৰ মূল কাৰক হিচাপে চিহ্নিত হয় ।

উল্লেখ্য় যে দেওবাৰে নিশা জিলাখনৰ সদৰ তেজপুৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত থকা বৰছলা সমষ্টিৰ অন্তৰ্গত অতি পিছপৰা অঞ্চলটোত সংঘটিত হৈছিল উক্ত ঘটনা । জঘন্য ঘটনাৰ বলি হৈছিল তিনি সন্তানৰ মাতৃ সংগীতা কাটি নামৰ মহিলাগৰাকী । ঘটনাৰ সংক্ৰান্তত ইতিমধ্যে আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত লোককেইজন ক্ৰমে অজয় চাংহাৰ, টিংকো মালহাৰ, সূৰ্য বাঘোৱাৰ আৰু ধিৰাজ বাঘোৱাৰ বুলি জানিবপৰা গৈছে । আনহাতে বৰ্তমানো পলাতক অৱস্থাত থকা বাবলু নাকঘৰ আৰু বাইটা চাংহাৰক গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে প্ৰশাসনৰ লোকে ।

লগতে পঢ়ক:তেজপুৰৰ নিজ বাঁহবাৰীত ডাইনী সন্দেহত হত্যা; চাৰিজন গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details