তেজপুৰ, 12 জুন :তেজপুৰৰ নৱ-নিৰ্মিত সন্মিলন কেন্দ্ৰত দেওবাৰেঅসমৰ উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক অনুষ্ঠিত হয় ৷ এই সন্মিলনখন আদৰণি ভাষণৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লগতে এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ৷ ইফালে, মুঠ 35 খন জিলাৰ উপায়ুক্তই এই বৈঠকত অংশগ্ৰহণ কৰে(DC Conference held at Tezpur) ৷
অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, অসমৰ সামগ্ৰিক পৰিবেশ উন্নত কৰাৰ বাবে উপায়ুক্তসকলৰ লগত এই বৈঠক অনুষ্ঠিত কৰা হয় । আনহাতে গোপীনাথ বৰদলৈৰ জন্ম জয়ন্তীৰ দিনা অসমৰ নন গেজেটেত শিক্ষকসকলক পুৰষ্কৃত কৰা হ'ব বুলি সিদ্ধান্ত লোৱাৰ বিষয়ে জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।