তেজপুৰ,20 মে': মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ নিশা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত চিকিৎসকৰ অনুপস্থিতিৰ বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে বুধবাৰৰ নিশাৰ পৰা ভিডিঅ’ কল যোগে চিকিৎসালয়খনত চিকিৎসকৰ উপস্থিতিৰ বুজ ল'ব বুলিও জানিবলৈ দিয়ে ৷
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিশা ছাডেন ভিজিট উপায়ুক্তৰ - Dr. Himanta Biswa Sharma
বুধবাৰে মাজনিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং। উপায়ুক্ত গৰাকীয়ে আইচিইউৰ দায়িত্বত থকা চিকিৎসকসকলৰ উপস্থিতিৰ বুজ লোৱাৰ লগতে ৰোগীৰ চিকিৎসাৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে ৷
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিশা উপস্থিত হ'ল জিলা উপায়ুক্ত
ইফালে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাচতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক বিভাগত বুধবাৰে নিশা 1.30 বজাত উপস্থিত হয় শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং । আইচিইউৰ দায়িত্বত থকা চিকিৎসকসকলৰ উপস্থিতিৰ বুজ লৈ ৰোগীৰ আৰোগ্যৰ তথ্য আহৰণ কৰাৰ লগতে ক'ভিড কেয়াৰ আৰু আই চি ইউৰ দায়িত্বত থকা জ্যেষ্ঠ চিকিৎসকৰ লগত বাৰ্তালাপ আৰু ৰোগীৰ চিকিৎসাৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি স্বাস্থ্যৰ বুজে ল’লে উপায়ুক্তগৰাকীয়ে ৷