অসম

assam

ETV Bharat / state

Daylight robbery in Tezpur: তেজপুৰত দিন-দুপৰতে চোৰৰ তাণ্ডৱ, গাড়ীৰ গ্লাছ ভাঙি চোৰে লুটিলে নগদ ধন - Daylight robbery at roadside in Tezpur

তেজপুৰত সঘনাই সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ চুৰিকাণ্ড (Robbery in Tezpur) ৷ চহৰখনৰ ভিন্ন প্ৰান্তত প্ৰায়েই সংঘটিত হ'বলৈ ধৰিছে চুৰিকাণ্ডৰ ঘটনা ৷ এইবাৰ ৰখাই থোৱা বিলাসী গাড়ীৰ আইনা ভাঙি দিন দুপৰতে চোৰে লুটিলে লক্ষাধিক টকা, লেপটপ আৰু কাপোৰৰ বেগ ৷

Etv Bharat
তেজপুৰত দিনদুপৰতে চোৰৰ তাণ্ডৱ

By

Published : Mar 7, 2023, 9:22 AM IST

তেজপুৰ, ৬ মাৰ্চ: অপৰাধীৰ ৰম্যভূমিলৈহে যেন পৰিণত হৈছে তেজপুৰ চহৰ ৷ চহৰখনত সঘনাই সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ অপৰাধৰ ঘটনা ৷ দৈনিক বিভিন্ন অনৈতিক আৰু অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিছে তেজপুৰ চহৰত ৷ সমান্তৰালকৈ চহৰখনত দিনক দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ একাংশ সন্দেহজনক লোকে চলাই আহিছে এনেধৰণৰ সমাজবিৰোধী কাৰ্যকলাপ ৷ চহৰখনৰ ভিন্ন প্ৰান্তত প্ৰায়েই সংঘটিত হ'বলৈ ধৰিছে চুৰি, লুটপাতৰ দৰে ঘটনা (Robbery in Tezpur) ৷

দিনদুপৰতে সোণৰ চেইন কাঢ়ি নিয়া, হাতৰ পৰা ম'বাইল কাঢ়ি নিয়াৰ দৰে বহু অপৰাধমূলক ঘটনা সংঘটিত হ'বলৈ ধৰিছে চহৰখনত ৷ দুষ্টচক্ৰই আৰক্ষী তথা প্ৰশাসনৰ অগোচৰে চলাই গৈছে বিভিন্ন অপৰাধমূলক কাৰ্য ৷ চহৰখনত এইবাৰ চোৰৰ লক্ষ্য হৈছে ৰখাই থোৱা বিলাসী বাহন। যোৱা সোমবাৰে তেজপুৰত দিন দুপৰতে সংঘটিত হয় তেনে এক চুৰিকাণ্ড ৷ গাড়ীৰ গ্লাছ ভাঙি চোৰে নিলে লেপটপসহ বেংকত জমা কৰিবৰ বাবে অনা আঢ়ৈ লাখ টকাৰ বেগ ৷ তেজপুৰৰ চাৰ্চ ফিল্ডৰ কাষত সংঘটিত হৈছে এই ঘটনা ৷

ঘটনা অনুসৰি, সুৰজিত সেনাপতি নামৰ এজন যুৱকে নিজৰ AS01 FD 9810 নম্বৰৰ ফৰচুনাৰ বাহনখন তেজপুৰৰ চাৰ্চ ফিল্ডৰ কাষত ৰখাই হোটেলত চাহ খাবলৈ সোমাওতেই মাত্ৰ দহ মিনিটৰ ভিতৰতে দুৰ্বৃত্তই গাড়ীখনৰ এখন গ্লাছ ভাঙি এটা লেপটপ, এটা কাপোৰৰ বেগ আৰু বেংকত জমা কৰিবৰ বাবে অনা নগদ আঢ়ৈ লাখ টকা লৈ উধাও হয় ।

এই ঘটনাটোৰ পাছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ঘটনাস্থলীৰ কাষতেই থকা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ বাবে চাৰিওফালে আৰক্ষীৰ লোক উপস্থিত থকাৰ পিছতো সেই স্থানত কেনেদৰে এনেধৰণৰ ঘটনা সংঘটিত হবলৈ পালে সেই প্ৰশ্নই এতিয়া চিন্তিত কৰি তুলিছে তেজপুৰৰ জনসাধাৰণক ।

উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ ৷ একাংশ সমাজবিৰোধী তথা দুষ্টচক্ৰই আৰক্ষী তথা প্ৰশাসনৰ চকুত ধূলি দি অবাধে চলাই গৈছে বিভিন্ন অসামাজিক কাৰ্য ৷ এনেধৰণৰ অপৰাধমূলক কাৰ্যৰ লগতে এনে কাৰ্যৰ লগত জৰিত অপৰাধীৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে যদিও হ্ৰাস পোৱা নাই অপৰাধ ৷

লগতে পঢ়ক:Dead body rescued: নলবাৰীত ডিঙি কটা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details