অসম

assam

ETV Bharat / state

মিছামাৰীত ৰে’লপথৰ ওপৰেৰে জনতাৰ বিপদসংকুল যাতায়ত - মিছামাৰী

স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুল ভাৱে ৰে’ল পথৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে । ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানি পথচোৱাৰ উক্ত সুৰংগটো অতি বিপদজনক হৈ পৰিছে ।

মিছামাৰীত ৰে’লপথৰ ওপৰেৰে জনতাৰ বিপদসংকুল যাতায়ত

By

Published : May 12, 2019, 4:38 PM IST

ৰঙাপৰা , 12 মে’ : শোণিতপুৰ জিলাৰ মিছামাৰীৰ ৰাইজে দীৰ্ঘদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত ভুগিবলগীয়া হৈছে চৰম দুৰ্ভোগ । ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানি পথচোৱাত থকা এটা সুৰংগৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে । মিছামাৰীৰ গাভৰু নদীৰ পাৰত থকা পহৰা চকীৰ কাষেৰে যোৱা গড়কাকাপ্তানি পথচোৱাৰ ওপৰেদি ৰঙাপৰা-ৰঙিয়া সংযোগী ৰেলপথটি আছে । মিটাৰগজ থকাৰ সময়ত উক্ত ঠাইত এটা লেভেল ক্ৰছিং আছিল । ব্ৰডগজ ৰে’লসেৱা সম্প্ৰসাৰণ হোৱাৰ সময়ত ৰাইজৰ যাতায়তৰ বাবে ৰে’লৱে কৰ্তৃপক্ষই তলৰে সুৰংগ কৰি দিয়ে । ফলত ৮ মাহেই সুৰংগৰ তলত পানী জমা হৈ থাকে । ইফালে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুল ভাৱে ৰে’ল পথৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে । ৰঙাপৰা-মিছামাৰীৰ সংযোগী গড়কাপ্তানি পথচোৱাৰ উক্ত সুৰংগটো অতি বিপদজনক হৈ পৰিছে । সংঘটিত হৈছে কেইবাটাও পথ দুঘৰ্টনা । ইতিমধ্যে মৃত্যু ঘটিছে কেইবাজনো লোকৰ । ৰে’লৱে কৰ্তৃপক্ষই কাণ্ডজ্ঞানহীনতাৰ বাবেই আজি মিছামাৰীৰ ৰাইজে যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ।

মিছামাৰীত ৰে’লপথৰ ওপৰেৰে জনতাৰ বিপদসংকুল যাতায়ত

ABOUT THE AUTHOR

...view details