তেজপুৰ,১৯ মে':চীনৰ জল বোমাক প্ৰতিৰোধ কৰিবলৈ ভাৰতে নিৰ্মাণ কৰিব আন এক জল বোমা । চীনে ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থল তিব্বতৰ য়াৰলুং চাংপোত নিৰ্মান কৰা নদী বান্ধ(Dam on Changpo in china)ৰ প্ৰতিৰোধ কৰিবলৈ এইবাৰ কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ য়িংকিঙত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে দ্বিতীয়টো বৃহত্তম নদী বান্ধ (Dam on Brahmaputra in Yingking Arunachal Pradesh) ।
মুঠ ৫০,০০০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ’ব লগা প্ৰস্তাৱিত বান্ধটোৱে প্ৰায় ১০ বিলিয়ন কিউবিক মিটাৰ পানী জমা কৰিব পাৰিব । ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰ নদীত চীনে নিৰ্মাণ কৰি থকা বৃহৎ বান্ধৰ পৰিকল্পনাক প্ৰতিৰোধ কৰিবলৈ এই বৃহৎ প্ৰকল্পটো গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে ।
উল্লেখ্য যে, ২,৮৮০ কিঃমিঃ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ নদীখনে ভাৰতত ৯১৮ কিঃমিঃ অঞ্চল আৱৰি আছে । অৱশ্যে, ব্ৰহ্মপুত্ৰ নদীত বৈ যোৱা পানীৰ ৭৫ শতাংশ ভাৰতৰ অৱবাহিকা(water reserver) অঞ্চলৰ পৰা আহে আৰু বাকী অংশ মৌচুমী ঋতুৰ পূৰ্বে তিব্বতৰ বৰফগলিত অঞ্চলৰ পৰা আহে ।
ব্ৰহ্মপুত্ৰত নদীৰ পানী সংৰক্ষণ বা পৰিৱৰ্তনৰ চীনৰ পদক্ষেপে ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু বাংলাদেশৰ পানী সুৰক্ষাক প্ৰত্যাহ্বান জনাব পাৰে বুলিও অনুমান কৰি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । সেয়েহে, জলবিদ্যুৎ উৎপাদনৰ উপৰিও, অৰুণাচল প্ৰদেশৰ য়িংকিঙত বান্ধ নিৰ্মাণে পানীৰ সুৰক্ষা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে কিয়নো বৰষুণৰ বতৰত পানী জমা কৰাৰ লগতে প্ৰয়োজনৰ সময়ত এৰি দিব পাৰিব ।
কেন্দ্ৰীয় চৰকাৰে অনুমান কৰিছে যে, অৰুণাচলৰ ওপৰৰ অঞ্চলত বান্ধ নিৰ্মাণে বানপানীৰ প্ৰভাৱ আৰু চীনৰ বান্ধৰ পৰা মুকলি কৰা পানীৰ সামৰ্থ্য হ্ৰাস কৰিব । মনকৰিবলগীয়া যে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত সৰু ডাঙৰ কেবাটাও বান্ধ নিৰ্মান হৈছে । ইয়াৰ ভিতৰত পাহাৰীয়া ৰাজ্যখনৰ চৰকাৰে স্থানীয় লোকৰ বিক্ষোভৰো সন্মুখীন হৈছে ।
আনহাতে, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰী নদীৰ ওপৰত নিৰ্মান হোৱা বান্ধৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ মাজত বিগত সময়চোৱাত বহুতো আন্দোলনৰ সন্মুখীন হব লগীয়া হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ দুয়োখন চৰকাৰে । অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী তথা শক্তি মন্ত্ৰী চাউনা মেনৰ কাৰ্য্যালয়ৰ তথ্য মতে এই বান্ধৰ বিষয়ে ৰাজ্যখনত ভূমি হস্তান্তৰ, বনবিভাগৰ অনুমতি আৰু ৰাইজৰ মাজত আলোচনা আৰু মত বিনিময়ৰ পাছতহে কাৰ্য্যত পৰিণত হব বুলি জানিব দিয়ে ।