তেজপুৰ, 8 মে’:মণিপুৰৰ গোষ্ঠী সংঘৰ্ষই অতিক্ৰম কৰিলে 6 টা দিন ৷ বৰ্তমানেও মণিপুৰত ব্যাহত হৈ আছে ইণ্টাৰনেট সেৱা, লগতে বলবৎ হৈ আছে সান্ধ্য আইন (Manipur violence update) ৷ ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ 100 টাতকৈয়ো অধিক গোটে মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ বিগত 96 ঘণ্টা ধৰি অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহ সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি আছে (Rescue operation in Manipur) ৷
ইয়াৰ সমান্তৰালভাৱে কোনো উগ্ৰপন্থীগোটে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থান কৰি যাতে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সীমান্তৱৰ্তী অঞ্চলসমূহ হেলিকপ্টাৰেৰে নিৰীক্ষণ কৰাৰ লগতে নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে UAV ৷ পুনৰ যাতে মণিপুৰত কোনো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু কোনো ৰাষ্ট্ৰ বিৰোধী গোটে ইয়াৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে প্ৰতিপল সষ্টম হৈ আছে নিৰাপত্তা বাহিনী (Communal conflict in Manipur) ৷
হেলিকপ্টাৰ আৰু UAV নিৰীক্ষণৰ জৰিয়তে কেৱল মণিপুৰৰ আভ্যন্তৰীণ ক্ষেত্ৰতেই নহয়, বৰঞ্চ মণিপুৰৰ ভিত্তিক উগ্ৰপন্থী গোটসমূহৰ যিকোনো দুঃসাহসিক প্ৰচেষ্টা প্ৰতিহত কৰাত যথেষ্ট পৰিমাণে সফল হৈছে ভাৰতীয় সেনা ৷ উল্লেখ্য যে, ম্যানমাৰৰ ঘন বনাঞ্চলত বৰ্তমানেও সক্ৰিয় হৈ আছে উত্তৰ-পূবৰ বিভিন্ন বিদ্ৰোহী গোট (Aerial surveillance in Manipur) ৷
মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ ল’বলৈ ইটিভি ভাৰতে মণিপুৰ চৰকাৰৰ গৃহ সচিব ৰেহানুদিন চুধুৰীৰ (Home secretary of Manipur government Rehanudin chudhury ) সৈতে যোগাযোগ স্থাপন কৰিছিল যদিও প্ৰট’কলৰ অংশ হিচাবে কোনো তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ ইফালে, মণিপুৰৰ তথ্য আৰু জনসম্পৰ্কৰ সঞ্চালক হেইছনাম বালাকৃষ্ণনে (Heisnam Balakrishnan) ইটিভি ভাৰতক সদৰী কৰা অনুসৰি পশ্চিম ইম্ফলত কাৰ্ফিউ শিথিল কৰা হৈছে ৷ লগতে সোমবাৰেও ৰাজ্যখনৰ কিছু কিছু স্থানত কাৰ্ফিউ শিথিল কৰা হয় (Curfew relaxed in Imphal) ৷