তেজপুৰ, ২২ ছেপ্টেম্বৰ : মণিপুৰৰ পশ্চিম ইম্ফলত বৃহস্পতিবাৰৰ পৰা সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰিছে জিলা প্ৰশাসনে । উত্তেজিত মণিপুৰক শান্ত কৰাৰ স্বাৰ্থত পুনৰ এই সিদ্ধান্ত গ্ৰহণ কৰে জিলা প্ৰশাসনে ৷ তথ্য অনুসৰি, পশ্চিম ইম্ফল জিলাৰ ছিংজামেই আৰক্ষী থানাৰ অধীনৰ ৫ জন গাঁওৰক্ষী বাহিনীৰ লোকক যোৱা ১৬ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল মণিপুৰ আৰক্ষীয়ে ৷ তাৰ পিচৰে পৰা আৰম্ভ হৈছিল প্ৰতিবাদ ৷
বৃহস্পতিবাৰে এই প্ৰতিবাদে তীব্ৰ ৰূপ লয় ৷ গাঁওৰক্ষী বাহিনীৰ লোককেইজনক মুক্তি দিয়াৰ দাবী তুলি সহস্ৰাধিক গাঁওবাসী ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ । উত্তেজিত ৰাইজৰ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ পৰৱৰ্তী পৰ্যায়ত মণিপুৰ আৰক্ষী আৰু আৰ এ এফে একাধিক কন্দুৱা গেছ, গুলী নিক্ষেপ কৰে ৷ কিন্তু ক্ষান্ত কৰিব নোৱাৰিলে ৰাইজৰ প্ৰতিবাদ ৷
ইয়াৰ পাচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনক মুকলি কৰি দিয়াৰ দাবীত ছিংজামেই থানা ঘেৰাও কৰি হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদীসকলৰ দাবী, ‘‘গাঁওৰক্ষী বাহিনীৰ লোকক গ্ৰেপ্তাৰ কৰিলে আমাকো গ্ৰেপ্তাৰ কৰক" । ইয়াৰ পিচতে পশ্চিম ইম্ফলৰ পৰিস্থিতি অধিক অৱনতি ঘটে ।