তেজপুৰ,4 আগষ্ট : শতিকাৰ বৃহৎ বানত ককবকাইছে অসমৰ লাখ লাখ জনসাধাৰণে ৷ অসমৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়াইছে বহুজনে ৷ সেই সময়তে দিল্লীৰ পৰাও আগবাঢ়ি আহিছে "লাইনছ' নামৰ এটা ইভেণ্ট মেনেজমেণ্টৰ দল আৰু এই ইভেণ্ট মেনেজমেণ্ট দলটোৰ "আনবলী ইনক" আৰু "স্কিল বক্স" নামৰ সংস্থা দুটা থিয় দিছে অসমৰ বানপীড়িতৰ কাষত আৰু এই লক্ষ্যৰেই শনিবাৰে নিশা তেজপুৰৰ ডঃ ভূপেন হাজৰিকা কলা ভূমিত "Benagir" শীর্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে ৷
বন্যাৰ্তক সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে তেজপুৰত দিল্লীৰ শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান - event_management
সাংস্কৃতিক নগৰী তেজপুৰত শতিকাৰ সৰ্বৃবহৎ বানত জৰ্জৰিত বন্যাৰ্তক সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে দিল্লীৰ শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান ৷
বানপীড়িতৰ বাবে সাহাৰ্য অৰ্জন
সংস্থাটোৱে "Artist for crisis" বুলি অন্য এটা লক্ষ্যৰে অসম আৰু দিল্লীৰ শিল্পীসকলৰ মাজত সমন্বয় ঘটাই একেলগে কাম কৰিছে এটা বেণ্ডত ৷ এই বেণ্ডটোৱে " Cultivator " আৰু " Bottle Rockets " নামেৰে নতুন মিউজিকেল বেণ্ডেৰে এই অনুষ্ঠানৰ আয়োজন কৰে । উল্লেখ্য যে, আইৰিচ প্ৰডাকচন , ডিজিটেল মিডিয়া আৰু 'Tezpur Buzz'ৰ সহযোগত আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠানটোৱে লাভ কৰে ৰাইজৰ বিশেষ সঁহাৰি।