অসম

assam

Jyoti Bharati: নতুন ৰূপ পাব ৰূপকোঁৱৰৰ কৰ্ম-সাধনাৰ স্থলী পকীয়ে; আনুষ্ঠানিকভাৱে আৰম্ভ পুনঃনিমাৰ্ণৰ কাম

By

Published : Jun 8, 2023, 9:58 PM IST

ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্ম-সাধনাৰ স্থলী ‘পকী’ৰ পুনৰ নিমাৰ্ণৰ কাম বৃহস্পতিবাৰৰ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ৷ ঐতিহ্য বহনকাৰী পকীৰ সংৰক্ষণ আৰু পুনঃনিমাৰ্ণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ (Jyoti Bharati Museum Poki Tezpur) ৷

Cultural Centre Jyoti Bharati
আৰম্ভ পকীৰ পুনৰ নিমাৰ্ণৰ কাম

আনুষ্ঠানিকভাৱে আৰম্ভ পকীৰ পুনৰ নিমাৰ্ণৰ কাম

তেজপুৰ, 8 জুন: নতুন ৰূপ পাব ৰূপকোঁৱৰৰ কৰ্ম-সাধনাৰ স্থলী পকীয়ে ৷ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্ম-সাধনাৰ স্থলী ‘পকী’ৰ পুনৰ নিমাৰ্ণৰ কাম বৃহস্পতিবাৰৰ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ৷ 'পকী'ত আছে জ্যোতি প্ৰসাদৰ ককাদেউতাক হৰিবিলাস আগৰৱালাৰ পৰা আৰম্ভ কৰি জ্যোতি প্ৰসাদ, বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মা আৰু অনেক সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিৰ স্মৃতি বিজড়িত সম্পদ (Cultural Centre Jyoti Bharati to get renovated) ৷

1874 চনত হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰা এই ‘পকী’ এতিয়া সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীলৈ ৰূপান্তৰিত হৈছে ৷ জ্যোতি ভাৰতীত থকা সাংস্কৃতিক সম্পদৰ সংৰক্ষণ আৰু বিশেষ শৈলীৰে নিৰ্মিত ঐতিহ্য বহনকাৰী 'পকী'ৰ সংৰক্ষণ আৰু পুনঃনিমাৰ্ণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ (Cultural Centre Jyoti Bharati) ৷

বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ই 'পকী' পৰিদৰ্শন কৰি পুনঃনিমাৰ্ণ আৰু সংৰক্ষণৰ বাবে আশ্বাস প্ৰদান কৰিছিল ৷ বৃহস্পতিবাৰে এই আঁচনিৰ প্ৰথমটো কাম হিচাপে জ্যোতি ভাৰতীৰ তোৰণৰ আধাৰ শিলা স্থাপন কৰা হয় ৷ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ উপস্থিতিত মাংগলিক পৰিৱেশত তোৰণৰ আধাৰ শিলা স্থাপন কৰা হয় ৷ এই তোৰণৰ নক্সা প্ৰস্তুত কৰিছে তেজপুৰৰ প্ৰবীন শিল্পী মৃগেন কলিতাই ৷ আনহাতে জ্যোতি প্ৰসাদৰ এটা আৱক্ষ মূৰ্ত্তি নিমাৰ্ণ কৰিব প্ৰসিদ্ধ শিল্পী বীৰেন সিংহই (Jyoti Bharati to get renovated by Assam govt) ৷

জ্যোতি ভাৰতীৰ কাৰ্যালয় গৃহৰ নিমাৰ্ণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছত মূল 'পকী' ভৱন সংলগ্ন অন্য এটা আটক ধুনীয়া ভৱন আৰু প্ৰেক্ষাগৃহ নিমাৰ্ণ কৰাৰ লগতে চৌহদত এটা বাণীবন্ধন কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ আনহাতে 'জ্যোতি ভাৰতীত' পূৰ্বৰে পৰা সংৰক্ষিত হৈ থকা সম্পদ সমূহ বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ বাবে নুতন দিল্লীৰ বিশেষজ্ঞ দলৰ পৰামৰ্শ অনুযায়ী যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেজপুৰৰ বিধায়ক আৰু জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে (Jyoti Bharati) ৷

1874 চনতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক হৰিবিলাস আগৰৱালাই নিৰ্মাণ কৰিছিল উত্তৰ অসমৰ প্ৰথমটো পকীঘৰ ৷ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰা ঘৰটোৰ নাম সেয়েহে 'পকী' হিচাবেই নামাকৰণ কৰা হৈছিল ৷ তেজপুৰত অৱস্থিত উক্ত ঘৰটো বৰ্তমান জ্যোতি ভাৰতী সংগ্ৰহালয় হিচাবেও জনা যায় ৷ 'পকী'ৰ স্থাপত্য ৰাজস্থানী আৰু আহোম আৰ্হিৰ ৷ ইয়াৰ বেৰবোৰ ইটাৰে নিৰ্মীত ৷ যাৰ আয়তন 50x30 ফুট আয়তনৰ ৷ মজিয়াখন নিৰ্মাণ কৰা হৈছিল শিলেৰে (Renovation and Modernization of Jyoti Bharati) ৷

1977 চনত আগৰৱালা পৰিয়ালে সংগ্ৰহালয় হিচাবে সংৰক্ষণৰ বাবে ‘পকী’ অসম চৰকাৰলৈ হস্তান্তৰ কৰে ৷ 1978 চনত ‘পকীৰ’ চৌহদত জ্যোতি ভাৰতী নামৰ এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰা হৈছিল ৷ ইয়াৰ কিছুদিন পাচত ৰাজ্যৰ লোক নিৰ্মাণ বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ দ্বাৰা ঘৰটো পুনৰ নিৰ্মাণ কৰা হয় আৰু আনুষ্ঠানিকভাৱে ইয়াক দৰ্শনাৰ্থীসকলৰ বাবে মুকলি কৰা হয় ৷ জ্যোতি ভাৰতী নামেৰে জনাজাত ‘পকী’ বৰ্তমান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এক স্মাৰক সংগ্ৰহালয় ৷

লগতে পঢ়ক:Save Charaideo Maidams: চৰাইদেউ মৈদামৰ মাটি ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান

ABOUT THE AUTHOR

...view details