অসম

assam

ETV Bharat / state

বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ দিশে অগ্ৰসৰ তেজপুৰৰ পকী

আৰম্ভ হ’ল তেজপুৰৰ পকীৰ সম্পদৰাজি বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ প্ৰক্ৰিয়া (Cultural Centre Jyoti Bharati to get renovated by Assam govt) ৷ চৰকাৰৰ ফালৰ পৰা ভৱিষ্যতে ‘পকী’ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগ্ৰহালয় হিচাপেও চিহ্নিত কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ যাক লৈ আনন্দিত এতিয়া তেজপুৰবাসী ৷

বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ দিশে অগ্ৰসৰ ‘পকী’
বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ দিশে অগ্ৰসৰ ‘পকী’

By

Published : Jul 5, 2022, 10:48 PM IST

তেজপুৰ, ৫ জুলাই :তেজপুৰ তথা অসমবাসীৰ বাবে এক সু-খবৰ ৷ তেজপুৰৰ ঐতিহ্য মণ্ডিত জ্যোতি ভাৰতী অৰ্থাৎ পকীত সংৰক্ষিত হৈ থকা অমূল্য সম্পদসমূহ উপযুক্ত আৰু বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ কৰাৰ ব্যৱস্থাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে (Cultural Centre Jyoti Bharati to get renovated by Assam govt) ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত মে’ মাহত পকী ভ্ৰমণ কৰিছিল (Assam CM Himanta Biswa Sarma visited Poki)৷ লগতে তেওঁ সকলোক ৰাজ্যবাসীকে এবাৰ পকীলৈ আহিবলৈ আহ্বান জনাইছিল ৷ চৰকাৰৰ ফালৰ পৰা এই পকীক বিজ্ঞানসন্মভাৱে সকলো ব্যৱস্থা কৰাৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে ৷

ইয়াৰে পৰিণতিত যোৱা এসপ্তাহে ৰাজ্যিক সংগ্ৰহালয়ৰ এটা বিশেষজ্ঞ দলে পকীত উপস্থিত হৈ ইয়াৰ সকলো তথ্য তন্ন তন্নকৈ সংগ্ৰহ কৰিছে ৷ উল্লেখ্য যে, এই পকীত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত বহু সংখ্যক সামগ্ৰী আছে ৷ তদুপৰি কলাগুৰু, ৰসৰাজৰ লগতে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদিৰ দৰে বৰেণ্য ব্যক্তিৰ বহু স্মৃতি বিজড়িত সামগ্ৰী এই পকীত আছে ৷

বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ দিশে অগ্ৰসৰ ‘পকী’

সেই হেতুকে চৰকাৰৰ ফালৰ পৰা পকীত ভৱিষ্যতে ‘পকী’ আৰু পকীৰে সংক্ষিপ্ত ঐতিহাসিক তথ্যৰে যুগুতাই তোলাৰ পৰিকল্পনা কৰা হৈছে ৷ ৰাজ্যিক সংগ্ৰহালয়ৰ বিশেষজ্ঞ দলটোৱে ইয়াৰ সকলো তথ্য ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ প্ৰেৰণৰ বাবে ব্যৱস্থা কৰিছে ৷ আনকি ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পৰামৰ্শ অনুসৰি পকীত কিছু অমূল্য সম্পদৰাজী সংৰক্ষণ কৰাৰো ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে, পকীৰ ইতিহাস লিপিবদ্ধ কৰি সকলোৰে বাবে যাতে ই সহজলভ্য হয়, তাৰো পৰিকল্পনা কৰিছে চৰকাৰে ৷ ইয়াৰ উপৰিও, পকীক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগ্ৰহালয় হিচাপে গঢ়ি তোলাৰো পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :অসম দক্ষতা বিকাশ মিছনক উত্তৰ-পূৱ দক্ষতা কেন্দ্ৰলৈ উন্নীতকৰণ

ABOUT THE AUTHOR

...view details