অসম

assam

By

Published : Jun 7, 2019, 7:35 AM IST

ETV Bharat / state

জামুগুৰিহাটত পল্লৱলোচন দাসক সম্বৰ্ধনা

সম্বৰ্ধনা সভাত সাংসদগৰাকীয়ে ৰাইজক উদ্দেশ্যি কয় যে "দিছপুৰৰ পৰা দিল্লীলৈ তেজপুৰবাসী ৰাইজে মোক নিৰ্বাচিত কৰাৰ পাছত মই দিল্লীৰ নৱনিৰ্বাচিত বিজেপিৰ সাংসদসকলৰ প্ৰথমখন বৈঠকত উপস্থিত হৈয়েই এগৰাকী সাংসদৰ মৰ্যদা আৰু দায়িত্ব কিমান সেয়া মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,অমিত চাহৰ দৰে নেতাৰ সন্মুখীন হৈ উপলব্ধি কৰিব পাৰিছো ৷ অসমৰ পৰা এইবাৰ লোকসভা আৰু ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হোৱা বিজেপিৰ সদস্যৰ সংখ্যা যিহেতু সৰ্বাধিক সেয়েহে আমি এইবাৰ অসমৰ সমস্যাৰ ওপৰত একেলগে আৰু বলিষ্ঠ ভাৱে মাত মাতিব পাৰিম" ৷

চতিয়া সমষ্টিৰ জামুগুৰি হাটত পল্লৱলোচন দাসক দুকুৰিৰো অধিক সংগঠনৰ সম্বৰ্ধনা

চতিয়া, 6 জুনঃ তেজপুৰ লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ পল্লৱলোচন দাসক চতিয়া সমষ্টিৰ জামুগুৰিহাটত দুকুৰিৰো অধিক সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বিজেপিৰ চতিয়া সমষ্টিৰ নদুৱাৰ মণ্ডলৰ উদ্যোগত জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাৰ চৌহদৰ নৱ নিৰ্মিত স্থায়ী মঞ্চত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি নৱ নিৰ্বাচিত সাংসদ গৰাকীয়ে কয় যে অসমৰ দৰে সমস্যাবহুল ৰাজ্য এখনৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে এগৰাকী জনপ্ৰতিনিধিৰ দায়িত্ব অত্যন্ত বিশাল ৷ এই সভাত নিজ সমষ্টিৰ হকে, চাহজনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সাংসদ পল্লৱলোচন দাসে ৷

উল্লেখ্য যে, সভাত সাংসদগৰাকীয়ে ৰাইজক উদ্দেশ্যি কয় যে "দিছপুৰৰ পৰা দিল্লীলৈ তেজপুৰবাসী ৰাইজে মোক নিৰ্বাচিত কৰাৰ পাছত মই দিল্লীৰ নৱনিৰ্বাচিত বিজেপিৰ সাংসদসকলৰ প্ৰথমখন বৈঠকত উপস্থিত হৈয়েই এগৰাকী সাংসদৰ মৰ্য্যাদা আৰু দায়িত্ব কিমান সেয়া মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি,অমিত চাহৰ দৰে নেতাৰ সন্মুখীন হৈ উপলব্ধি কৰিব পাৰিছো৷অসমৰ পৰা এইবাৰ লোকসভা আৰু ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হোৱা বিজেপিৰ সদস্যৰ সংখ্যা যিহেতু সৰ্বাধিক সেয়েহে আমি এইবাৰ অসমৰ সমস্যাৰ ওপৰত একেলগে আৰু বলিষ্ঠ ভাৱে মাত মাতিব পাৰিম" ৷

চতিয়া সমষ্টিৰ জামুগুৰি হাটত পল্লৱলোচন দাসক দুকুৰিৰো অধিক সংগঠনৰ সম্বৰ্ধনা

বিয়লি ৪ বজাৰপৰা অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানটিত নৱ নিৰ্বাচিত সাংসদগৰাকীক বিধায়ক পদ্ম হাজৰিকা,বিজেপি নদুৱাৰ মণ্ডল,বিজেপিৰ নদুৱাৰ যুৱ মৰ্চা,বাৰেচহৰীয়া ভাওনা স্থায়ী কমিটীকে ধৰি প্ৰায় দুকুৰিৰো অধিক সংগঠনৰ প্ৰতিনিধিয়ে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷ মনকৰিবলগীয়া যে বৃহস্পতিবাৰৰ এই সম্বৰ্ধনা সভাত বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি পৰেশ বৰকটকী,বিজেপিৰ বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক মোহন মহন্ত,অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি পংকজ বৰাকে ধৰি জিলা বিজেপিৰ কেবাগৰাকীও শীৰ্ষ নেতা উপস্থিত আছিল ৷

ABOUT THE AUTHOR

...view details