অসম

assam

ETV Bharat / state

ৰঙাপৰাত বিভিন্ন সমস্যাৰ দাবীৰে চি পি আই (এম)ৰ ধৰ্ণা কাৰ্যসূচী - শাস্তি প্ৰদান

বুধবাৰে চি পি আই (এম) ৰঙাপৰা আঞ্চলিক কমিতিয়ে ৰঙাপৰা পৌৰ সভা কাৰ্য্যলয়ৰ সন্মূখত এক ধৰ্ণা কাৰ্যসূচী পালন কৰে । নগৰবাসীৰ বাবে নতুনকৈ ঘোষণা কৰা কৰ প্ৰত্যাহাৰ,নগখনৰ বিধস্ত পথ-উপপথ সমূহ শীঘ্ৰে মেৰামতি, পানী যোগান পূৰ্বৰ দৰে বাহাল ৰখা,লক ডাউনৰ সময়ত সাহায্য বিতৰণৰ ক্ষেত্ৰত ৱাৰ্ড কমিছনাৰ সকলে কৰা দুনীতিৰ তদন্ত ৰাজহুৱা কৰা ইত্যাদি দাবীৰে ৰঙাপৰা আঞ্চলিক চি পি আই এমে কৰিলে এই প্ৰতিবাদ ।

cpi(m) protest in front of municipality office at rangapara
ৰঙাপৰাত বিভিন্ন সমস্যাৰ দাবীৰে চি পি আই (এম)ৰ ধৰ্ণা কাৰ্যসূচী

By

Published : Jul 22, 2020, 4:29 PM IST

ৰঙাপৰা,২২ জুলাই: শেহতীয়াকৈ ৰঙাপাৰা পৌৰ সভাত হৈ থকা নানা অনিয়মৰ বিৰুদ্ধে বুধবাৰে সোচ্চাৰ হৈ পৰিল চি পি আই (এম) ৰঙাপৰা আঞ্চলিক কমিতি । ৰঙাপৰা পৌৰসভাই নগৰখনৰ জাবৰ নিষ্কাষণৰ বাবে সদ্যঘোষিত "কৰ" প্ৰত্যাহাৰ কৰা, নগৰ অঞ্চলৰ বিধস্ত পথ-উপপথ সমূহ অতিশীঘ্ৰে মেৰামতি কৰা,পানী যোগান পূৰ্বৰ দৰে দিনত ২ বাৰকৈ যোগান ধৰাৰ লগতে লক ডাউনৰ সময়ত সাহায্য বিতৰণৰ ক্ষেত্ৰত ৱাৰ্ড কমিছনাৰ সকলে কৰা দুৰ্নীতিৰ তদন্ত ৰাজহুৱা কৰাৰ লগতে দোষী ব্যক্তিক শাস্তি প্ৰদান কৰাৰ দাবীৰে এই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ।

লগতে নগৰখনত বিদ্যুতৰ যোগান নিয়মীয়া কৰা, বন্ধ হৈ থকা High Mass Light আৰু Street Light সমূহ কাৰ্যক্ষম কৰাৰো দাবী তুলিলে চি পি আই (এম) ৰঙাপৰা আঞ্চলিক কমিতিৰ প্ৰতিবাদকাৰী সকলে ।

উল্লেখ্য যে,ৰঙাপৰা পৌৰ সভাই কিছুদিন পূৰ্বৰে পৰা জাবৰ নিষ্কাষণৰ বাবদ ১৫০ টকাৰ পৰা ৩০০ টকাৰ নতুনকৈ 'কৰ' ধাৰ্য কৰিছিল ৷ লক ডাউনৰ সময়তে ৰঙাপৰা পৌৰ সভাই হঠাৎ এনেদৰে 'কৰ' নিৰ্ধাৰণ কৰি জনসাধাৰণৰ মূৰত মাধমাৰ মাৰিব বিচৰাৰ কাৰ্যত জাঙুৰ খাই উঠিছে ৰঙাপৰা চি পি আই (এম) ৷

তাৰোপৰি লক ডাউনৰ সময়ত দৰিদ্ৰ পৰিয়ালৈ অহা সাহায্য বিতৰণৰ ক্ষেত্ৰত হোৱা দুনীতিৰ তদন্ত আজি পৰ্যন্ত ৰাজহুৱা নকৰিলে ৰঙাপৰা পৌৰ সভাই। সেয়েহে অতি শীঘ্ৰে এই তদন্তৰ সবিশেষ ৰাজহুৱা কৰি দোষীসকলক শাস্তি প্ৰদানৰো দাবী জনালে এই সকল প্ৰতিবাদকাৰীয়ে ।

ৰঙাপৰাত বিভিন্ন সমস্যাৰ দাবীৰে চি পি আই (এম)ৰ ধৰ্ণা কাৰ্যসূচী

প্ৰতিবাদকাৰী সকলৰ দাবী সমূহ শীঘ্ৰে সমাধান নকৰিলে পৰবৰ্তী সময়ত পুনৰ আন্দোলনত নমাৰ হুংকাৰ দিলে চিপি আই (এম)ৰ ৰঙাপৰা আঞ্চলিক কমিতিৰ সদস্য সকলে ।

ABOUT THE AUTHOR

...view details