অসম

assam

ETV Bharat / state

সাংবাদিক আক্ৰমণৰ ঘটনাক চিপিআই(এম) ৰ গৰিহণা - ৰাজেন ডেকা আক্ৰমণ প্ৰসংগ

ৰাজ্যত চৌদিশে সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা চিপিআই(এম) আৰু চিটুৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ । সমিতিৰ সভাপতি ৰবীন তামুলীৰ মন্তব্য, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণ চলোৱাটো দুৰ্ভাগ্যজনক । এনে ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান দাবী ৰবীন তামুলীৰ ।

CPI(M) CONDEMS ATTACKS ON JOURNALISTS

By

Published : Apr 29, 2019, 10:17 PM IST

ৰঙাপৰা, ২৯ এপ্ৰিল: ৰাজ্যত চৌদিশে সংঘটিত হোৱা সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা জনাইছে চিপিআই(এম) দলে । নলবাৰীৰ মুকালমুৱাৰ 'দৈনিক অসম' কাকতৰ সাংবাদিক ৰাজেন ডেকাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাংবাদিকৰ ওপৰত সঘনে সংঘটিত হৈ আহিছে এনে ঘটনা । চিটুৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ সম্পাদক আৰু জিলা সমিতিৰ সভাপতি ৰবীন তামুলীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত একাংশ ৰাজনৈতিক নেতা - কৰ্মীয়ে আক্ৰমণ চলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ।

CPI(M) CONDEMS ATTACKS ON JOURNALISTS

সেয়েহে ৰাজ্য চৰকাৰক সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও দাবী জনাই সমিতিয়ে । লগতে এনে ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈও আহ্বান জনোৱা হয় ।

ABOUT THE AUTHOR

...view details