অসম

assam

ETV Bharat / state

শোণিতপুৰত তিনিজনৰ দেহত COVID-19, 22 জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা - এছ এছ বি জোৱানৰ দেহত

যোৱা ২৯ মে'ত হাৰিয়ানাৰ পৰা আহিছিল আক্ৰান্ত লীলা কান্ত নেৱাৰ আৰু ৩০ মে'ৰ দিনা দিল্লীৰ পৰা আহিছিল শোণিতপুৰৰ মিছামাৰীৰ নেত্ৰ কুমাৰ ছেত্ৰী । দুয়োজনে বিমানযোগে আহিছিল অসমলৈ ।

22 জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
22 জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

By

Published : Jun 3, 2020, 10:05 PM IST

তেজপুৰ, ৩ জুন : শোণিতপুৰত বহি:ৰাজ্যৰ পৰা অহা দুজন লোকৰ লগতে শিলচৰৰ পৰা অহা এজন এছ এছ বি জোৱানৰ দেহত কৰ’ণাৰ সংক্ৰমণ ধৰা পৰে বুধবাৰে ৷ ইয়াৰ পাচতেই জিলাখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত মুঠ লোকৰ সংখ্যা 22 জনলৈ বৃদ্ধি পাইছে ।

তেজপুৰৰ শ’লমৰাৰ প্ৰতিৰক্ষা গৱেষণা গাৰ

যোৱা ২৯ মে'ত হাৰিয়ানাৰ পৰা বিমানযোগে ৰাজ্যলৈ অহা ঢেকিয়াজুলি বালিজানৰ লীলা কান্ত নেৱাৰ আৰু দিল্লীৰ পৰা ৩০ মে'ৰ দিনা বিমানযোগে অহা শোণিতপুৰৰ মিছামাৰীৰ নেত্ৰ কুমাৰ ছেত্ৰীৰ দেহত কৰ’ণাৰ সংক্ৰমণ থকা বুলি নমুনা পৰীক্ষাৰ প্ৰতিবেদনত নিশ্চিত হয় ৷ ছেত্ৰী প্ৰজাপিতা হাইস্কুলত কোৱাৰেণ্টাইনত থকাৰ বিপৰীতে নেৱাৰ তেজপুৰৰ হোটেল মধুবনত কোৱাৰেণ্টাইনত আছিল । আনহাতে, শিলচৰৰ নিজ গৃহৰ পৰা এছ এছ বিৰ চিভিল ষ্টাফ শ্যাম প্ৰসাদ শৰ্মাক লগতলৈ নিজা গাড়ীৰে তেজপুৰলৈ অহা এছ এছ বিৰ জোৱান সত্যজিত সিঙৰ দেহতো কৰ’ণাৰ সংক্ৰমণ ধৰা পৰে ৷

তেজপুৰৰ শ’লমৰাৰ প্ৰতিৰক্ষা গৱেষণা গাৰ

উল্লেখযোগ্য যে সিঙক এছ এছ বিৰ তেজপুৰ শালনীবাৰী ছাউনিত কোৱাৰেণ্টাইনত ৰখাৰ বিপৰীতে সহযাত্ৰী শ্যাম প্ৰসাদ হ'ম কোৱাৰেণ্টাইনত আছিল ৷ কিন্তু বৰ্তমান কৰ’ণাৰ সংক্ৰমণ নিশ্চিত হোৱাৰ পাছতে তিনিওজন আক্ৰান্ত লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

আনহাতে, তেজপুৰৰ শ’লমৰাৰ প্ৰতিৰক্ষা গৱেষণাগাৰত নৱনিৰ্মিত কৰ’ণাৰ নমুনা পৰীক্ষা কেন্দ্ৰতোলৈ বুধবাৰে ডি আৰ এলৰ মূল সংস্থা ডি আৰ ডি অ’ই নমুনা পৰীক্ষাৰ অনুমোদন জনাইছে ৷ ইয়াৰ পাছতে আজি ইয়াত কৰ’ণাৰ নমুনা পৰীক্ষাৰ অনুশীলন আৰম্ভ হৈছে ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সহযোগত আৰম্ভ হোৱা এই অনুশীলনৰ পাছতেই পৰৱৰ্তী সময়ত ইয়াত কৰ’ণাৰ নমুনা পৰীক্ষা ত্বৰান্বিত হ’ব ৷ বৰ্তমান আই চি এম আৰৰ অনুমোদনৰ বাবে ইয়াৰ পৰা প্ৰয়োজনীয় সকলো তথ্য প্ৰেৰণৰ পাছত এই অনুমোদন শীঘ্ৰেই লাভ কৰাৰ সম্ভাৱনা আছে ডি আৰ এলৰ তেজপুৰত নিৰ্মিত কৰ’ণাৰ পৰীক্ষাগাৰটোৱে ৷

লগতে চাওকঃ অৰুণাচলত ভয়ংকৰ ভূমিস্খলনঃ আবদ্ধ শতাধিক যানবাহন সহ যাত্ৰী

ABOUT THE AUTHOR

...view details