তেজপুৰ, ২০ মে’: শোণিতপুৰত বৃহস্পতিবাৰে কৰ’ণাত আক্ৰান্ত হৈ দুজন ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৩৬৩ গৰাকী লোকৰ দেহত কৰ’ণাৰ সংক্ৰমণ ধৰা পৰিছে ৷ জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, মৃত্যু হোৱা লোক দুজন ৰঙাপৰা পাম বস্তিৰ পাউলিন খণ্ডা(৫৫)আৰু তেজপুৰ দোলাবাৰীৰ চহিদুল ৰহমান(৭০) ৷
শোণিতপুৰত পুনৰ ২ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু - ক’ভিড এন্টিজেন পৰীক্ষা
শোণিতপুৰত বৃহস্পতিবাৰে কৰ’ণাত আক্ৰান্ত হৈ দুজন ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৩৬৩ গৰাকী লোকৰ দেহত কৰ’ণাৰ সংক্ৰমণ ধৰা পৰিছে ৷
শোণিতপুৰত পুনৰ ২ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু
উল্লেখ্য যে, বৃহস্পতিবাৰে শোণিতপুৰত 6410 গৰাকী লোকৰ ক’ভিড এন্টিজেন পৰীক্ষা কৰাৰ লগতে 403 গৰাকী লোকৰ আৰটিপিচিআৰ পৰীক্ষা কৰা হৈছিল ৷ আনহাতে, জিলাখনত যোৱা ৬ এপ্ৰিলৰ পৰা ৫৬ গৰাকী লোকৰ ক’ভিড -১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে । ইয়াৰ লগতে বৃহস্পতিবাৰৰ দিনটোত জিলাখনত ২,৩২১ গৰাকী লোক আক্ৰান্ত হৈছে । লক্ষণীয় কথাটো হৈছে সম্প্ৰতি এই সংক্ৰমণ গাঁও অঞ্চলত অধিক প্ৰসাৰ হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : ক‘ভিড-19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য