অসম

assam

ETV Bharat / state

ৰাজ্য়ত পুনৰ ক’ভিড আক্ৰান্তৰ পলায়ন

ৰাজ্যত পুনৰ সংঘটিত হ’ল ক’ভিড আক্ৰান্ত লোকৰ পলায়নৰ ঘটনা ৷ তেজপুৰৰ পৰোৱা ক’ভিড হাস্পতালৰ পৰা শুকুৰবাৰে পলায়ন কৰিলে এগৰাকী লোকে ৷

covid patient escaped from medical facility
ৰাজ্য়ত পুনৰ ক’ভিড আক্ৰান্ত লোকৰ পলায়নৰ ঘটনা

By

Published : May 21, 2021, 10:49 PM IST

তেজপুৰ,21 মে':শুকুৰবাৰে তেজপুৰৰ পৰোৱা ক’ভিড হাস্পতালৰ পৰা এগৰাকী ক’ভিড আক্ৰান্ত লোকে পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, প্ৰায় 60 বছৰ বয়সীয়া পলাতক লোকজনৰ নাম মুকুন্দ বড়ো ৷ উল্লেখ্য যে, পলাতক মুকুন্দ বড়োৰ ঘৰ ঢেকিয়াজুলিৰ পানবাৰীত ৷

ৰাজ্য়ত পুনৰ ক’ভিড আক্ৰান্ত লোকৰ পলায়নৰ ঘটনা

শুকুৰবাৰে দিনৰ ভাগতেই চিকিৎসালয়ৰ পৰা পলায়ন কৰে বড়োৱে ৷ লোকজনৰ পৰিয়ালে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত তেজপুৰৰ মহাভৈৰৱ আৰক্ষীত এখন এজাহাৰ দাখিল কৰিছে ৷ এই ঘটনাৰ পিছতে শোণিতপুৰ জিলাৰ উপায়ুক্তই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

আনহাতে, শুকুৰবাৰৰ দিনটোত শোণিতপুৰ জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা হ’লগৈ 360 গৰাকী ৷ জিলাখনত শুকুৰবাৰৰ দিনটোত 3 গৰাকীকৈ লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷

লগতে পঢ়ক :ব্যাপক অৰ্থনৈতিক দুৰৱস্থাৰ দিশে গাড়ী ব্যৱসায়ৰ লগত জড়িত লোক

ABOUT THE AUTHOR

...view details