অসম

assam

শোণিতপুৰত কৰ'ণাত মৃত্যুৰ সংখ্যা বৃদ্ধি 6 জনলৈ

By

Published : Sep 12, 2020, 8:01 PM IST

শোণিতপুৰত কৰ'ণাত মৃত্যুৰ সংখ্যা 6 জনলৈ বৃদ্ধি ৷ দুবাৰকৈ প্লাজমা চিকিৎসা দিয়াৰ পাছতো মৃত্যুক সাৱটিলে ঠেলামৰাৰ এজন যুৱকে ৷ বৰ্তমানলৈ শোণিতপুৰ জিলাত কৰ'ণাত আক্ৰান্ত 4559 জন ৷

শোণিতপুৰত কৰ'ণাত মৃত্যুৰ সংখ্যা বৃদ্ধি
শোণিতপুৰত কৰ'ণাত মৃত্যুৰ সংখ্যা বৃদ্ধি

শোণিতপুৰ, 12 চেপ্তেম্বৰ: শোণিতপুৰত অব্যাহত আছে কৰ'ণাৰ আতংক ৷ কৰ'ণাত আক্ৰান্ত হৈ আৰু এজনে মৃত্যুক সাৱটি লোৱাৰ লগে লগে শোণিতপুৰত মৃতকৰ সংখ্যা বৃদ্ধি হ'ল 6 জনলৈ ৷ উল্লেখ্য যে বিগত 1 চেপ্তেম্বৰত অতি সংকটজনক অৱস্থাত ঠেলামৰাৰ গৌতম দেৱনাথ (৩২) নামৰ যুৱক জনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত দেৱনাথৰ অক্সিজেনৰ পৰিমাণ আছিল মাত্ৰ 33 শতাংশ ৷ দেৱনাথক দিয়া হৈছিল প্লাজমা চিকিৎসা ৷ কিন্তু দুবাৰকৈ প্লাজমা চিকিৎসা দিয়াৰ পাছতো গৌতমৰ প্ৰাণ ৰক্ষা নপৰিল ৷ অৱশেষত আই চি ইউ তে মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া গৌতমে ৷ বৰ্তমানলৈকে শোণিতপুৰ জিলাত 4559 গৰাকী কৰ'ণাত আক্ৰান্ত হৈছে আৰু ইয়াৰে 639 গৰাকী সক্ৰিয় ৰুগী ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details