অসম

assam

ETV Bharat / state

বিহালীত পুনৰ কৰ'ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু

কৰ'ণাত আক্ৰান্ত হৈ পুনৰ মৃত্যুক আঁকোৱালি ল'লে শোণিতপুৰৰ বিহালীৰ এজন লোকে । মৃত ব্যক্তিগৰাকী জিনজিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত লালপানী গাঁৱৰ ৮২ বছৰীয়া ভীমলাল উপাধ্যায় বুলি জানিব পৰা গৈছে । কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ১৫ মে'ত ভীমলাল উপাধ্যায়ক ভৰ্তি কৰোৱা হৈছিল।

Covid positive death at Behali
বিহালীত পুনৰ কৰ'ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু

By

Published : May 18, 2021, 8:09 PM IST

বিহালী,১৮ মে': সমগ্ৰ দেশৰ লগতে অসমৰো ক'ভিড পৰিস্থিতিয়ে লাহে লাহে জটিল ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে । ইতিমধ্যে ৰাজ্যত কৰ'ণাত আক্ৰান্ত আৰু মৃত্যুৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । চহৰাঞ্চলে হওক বা গাওঁ অঞ্চলে হওক সকলোতে কৰ'ণাৰ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যত পূৰ্বৰ অভিলেখ ভংগ কৰি বিগত ২৪ ঘণ্টাত সৰ্বাধিক ৯২ গৰাকী লোকৰ ক'ভিডত মৃত্যু হয় ।

বিভিন্ন জিলাৰ পৰা আহিছে মৃত্যুৰ মৰ্মান্তিক খবৰবোৰ । ইয়াৰ মাজতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে শোণিতপুৰৰ বিহালীৰ এজন লোকে । মৃত ব্যক্তিগৰাকী জিনজিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত লালপানী গাঁৱৰ ৮২ বছৰীয়া ভীমলাল উপাধ্যায় বুলি জানিব পৰা গৈছে । তেজপুৰ মেডিকেল কলেজ হাস্পতালত ১৫ মে'ত ভীমলাল উপাধ্যায়ক ভৰ্তি কৰোৱা হৈছিল।

কিন্তু চিকিৎসাধীন অৱস্থাত সোমবাৰে সন্ধিয়া ৭ বজাত তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ইফালে ইয়াৰ পূৰ্বে বিহা‌লীৰ ভৰালীজুলীৰ এগৰাকী মহিলাৰো মৃত্যু হৈছিল । ক'ভিডৰ দ্বিতীয় ঢৌত এতিয়ালৈ বিহালীৰ তিনিজন লোকৰ মৃত্যু হোৱাৰ কথা জানিব পৰা গৈছে ।

লগতে পঢ়ক:পুনৰ ভূমিকম্পৰ জোকাৰণিত কম্পিত হ’ল ৰাজ্য

ABOUT THE AUTHOR

...view details