তেজপুৰ, ৫ জানুৱাৰী :ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ক’ভিড-19ত আক্ৰন্ত হোৱা লোকৰ সংখ্যা (Covid cases increase in Assam) ৷ সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাটো বৃদ্ধি পাইছে নতুনকৈ কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা । জিলা স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, শোণিতপুৰ জিলাত বিগত ২৪ ঘণ্টাত ৪৫ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি (Covid 19 Update in Sonitpur) ৷
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত বুধবাৰৰ দিনটোত নতুনকৈ ক’ভিড 19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ১৫ জন ৷ জানিব পৰা মতে, চিকিৎসালয়ত থকা ১ জন লোকে আৰোগ্য লাভ কৰিছে । ইয়াৰে সমান্তৰালভাৱে জিলাখনৰ সদৰ তেজপুৰ পৰুৱাৰ মাতৃ শিশু কল্যাণ চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত ৩১ জন চিকিৎসাধীন হৈ আছে ৷