অসম

assam

ETV Bharat / state

ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণে

তেজপুৰ শালনিবাৰী বিমানবন্দৰত দুজন কৰ্মচাৰী ক’ভিড ১৯ ত আক্ৰান্ত হৈছে । জানিব পৰা মতে, এজন এজিএম আৰু চিআইএছএফৰ কমাণ্ডেণ্টৰ পৰিয়াল আক্ৰান্ত হৈছে । ক’ভিড-১৯ ৰ সংক্ৰমণৰ বাবে অসমৰ স্বাস্থ্য বিভাগে জিলাসমূহলৈ নিম্ন শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈকে বন্ধ ঘোষণা কৰিছে । ক’ভিডৰ সংক্ৰমণৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক বিশেষ নিৰ্দেশনা ।

By

Published : Apr 19, 2021, 11:03 PM IST

Updated : Apr 20, 2021, 9:52 AM IST

ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণে
ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণে

তেজপুৰ,১৯ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে মহামাৰী কৰ’ণাৰ দ্বিতীয় সংক্ৰমণ । তেজপুৰ শালনিবাৰী বিমানবন্দৰত দুজন কৰ্মচাৰী ক’ভিড -১৯ ত আক্ৰান্ত হৈছে । জানিব পৰা মতে, এজন এজিএম আৰু চিআইএছএফৰ কমাণ্ডেণ্টৰ পৰিয়াল আক্ৰান্ত হৈছে । উল্লেখ্য যে, শোণিতপুৰ জিলাত সোমবাৰে দিনৰ ১২ বজালৈ ১৪ জন লোক আক্ৰান্ত হয় আৰু মুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ১৭৫ গৰাকী । অসমস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য মতে, দেওবাৰৰ দিনলৈকে মুঠ 78,30,860 টা পৰীক্ষা সম্পন্ন হৈছে ৷ আক্ৰান্তসকলৰ ভিতৰত মৃত্যু হৈছে 1,347 গৰাকীৰ ৷ আৰোগ্য লাভ কৰিছে ২,২৬,705 গৰাকীয়ে ৷ ইয়াৰ বিপৰীতে মাত্ৰ দেওবাৰৰ দিনটোত ৬ খন জিলাত এজনকৈ লোকৰ মৃত্যু হৈছে । ইফালে সমগ্ৰ ভাৰততে ব্যাপক হাৰত নাটনি হৈছে অক্সিজেন চিলিণ্ডাৰৰ । আইচিইউত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা । দেশৰ ৰাজধানী দিল্লীত এসপ্তাহৰ বাবে লক ডাউন ঘোষণা কৰিছে ।

ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণে

শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত সোমবাৰে এজন ব্যক্তিৰ একক প্ৰচেষ্টাৰে সমগ্ৰ চহৰখনৰ ব্যৱসায়িক আৰু ৰাইজক সজাগ কৰিবলৈ লৈছে এক বিশেষ প্ৰচেষ্টা আৰু মুকলিকৈ মুখা অবয়ৱ বিতৰণ কৰি সকলোকে সজাগ কৰি তুলিছে । ক’ভিড ১৯ ৰ সংক্ৰমণৰ বাবে অসমৰ স্বাস্থ্য বিভাগে জিলাসমূহলৈ নিম্ন শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈকে বন্ধ ঘোষণা কৰিছে । জিলা উপায়ুক্তই সমগ্ৰ শোণিতপুৰ জিলাখনৰ ক’ভিড সংক্ৰমণৰ বৃদ্ধিৰ বাবে সকলো প্ৰাইমেৰী আৰু ৫ম শ্ৰেণীলৈকে বিদ্যালয় সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।

ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণে

আনহাতে, এই সংক্ৰমণৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক বিশেষ নিৰ্দেশনা । কৰ্তৃপক্ষই জাৰি কৰা এক জাননীৰ জৰিয়তে সকলো পি জি/ ইউ জি একমাত্ৰ চূড়ান্ত বৰ্ষৰ পিএইচডি ছাত্ৰ-ছাত্ৰীসকলৰ বাহিৰে সকলোকে ২৩ এপ্ৰিলৰ ভিতৰত তেওঁলোকৰ হোষ্টেলসমূহ খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ প্ৰতিটো কাৰ্যালয়ৰ নিজৰ কোঠাৰ চাবি কৰ্তৃপক্ষক জমা দিবলৈ আহ্বান জনাইছে । আনহাতে পি জি/ ইউ জি চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী ২৯ এপ্ৰিললৈকে থাকিবলৈ অনুমতি দিয়া হৈছে আৰু গৱেষণা কৰি থকাসকলক গৱেষণা আৰু গৱেষণাগাৰ ৩০ এপ্ৰিলৰ পিছত খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক:বাইহাটা চাৰিআলিত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

Last Updated : Apr 20, 2021, 9:52 AM IST

ABOUT THE AUTHOR

...view details