অসম

assam

ETV Bharat / state

অৰুণাচলত উপস্থিত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা 32,000 ক'ভিড-19 প্ৰতিষেধক - কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা ক'ভিড প্ৰতিষেধক অৰুণাচলত উপস্থিত

অৰুণাচল প্ৰদেশত উপস্থিত 32000 ক'ভিড-19 প্ৰতিষেধক । অৰুণাচল প্ৰদেশৰ পাছিঘাটত জেটবিমানেৰে ক'ভিড-19 প্ৰতিষেধক খিনি আহি উপস্থিত হয় ৷ প্ৰথম পৰ্যায়ত 23505 গৰাকী লোকক প্ৰতিষেধক দিয়াৰ প্ৰস্তুতি ।

arunachal pradesh covid 19 vaccine
arunachal pradesh covid 19 vaccine

By

Published : Jan 14, 2021, 4:59 PM IST

তেজপুৰ,14 জানুৱাৰী: সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা ক'ভিড-19 প্ৰতিষেধক বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশে লাভ কৰে ৷ সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ সদৰ পাছিঘাটত বিশেষ বিমানৰে 32000 ক'ভিড-19 ৰ প্ৰতিষেধক আহি পৰে ৷

অৰুণাচল প্ৰদেশত উপস্থিত 32000 ক'ভিড-19 প্ৰতিষেধক

জানিব পৰা মতে আগন্তুক 16 জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ প্ৰতিষেধক সমূহ প্ৰদান কৰিব পৰাকৈ ৰাজ্যখনৰ বিভিন্ন জিলা সমূহলৈ এই প্ৰতিষেধক সমূহ প্ৰেৰণ কৰা হ'ব ৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইটাৰ যোগে এই কথা জানিবলৈ দিয়ে ৷

টুইটযোগে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা জানিবলৈ দিয়ে

ইতিমধ্যে পাছিঘাটৰ পৰা পূব অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলালৈ এই প্ৰতিষেধক সমূহ প্ৰেৰণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

অৰুণাচল প্ৰদেশৰ পাছিঘাটত জেটবিমানেৰে ক'ভিড-19 প্ৰতিষেধক খিনি আহি উপস্থিত হয়

ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ সঞ্চালক গৰাকীয়ে ইটিভি ভাৰতক জানিবলৈ দিয়ে যে প্ৰথম পৰ্যায়ত প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যে স্বাস্থ্য কৰ্মী আৰু বিভিন্ন পেৰা মেডিকেল সংস্থাৰ লোককে ধৰি মুঠ 23505 জনক সামৰি লোৱা হৈছে আৰু লগতে সুৰক্ষা কৰ্মীৰ নাম সমূহো পঞ্জীয়ন কৰা হৈছে ৷

প্ৰথম পৰ্যায়ত 23505 গৰাকী লোকক প্ৰতিষেধক দিয়াৰ প্ৰস্তুতি

লগতে পঢ়ক:মকৰ সংক্ৰান্তিত এই বেলি পৰশুৰাম কুণ্ডত সেৰেঙা পৰ্যটকৰ ভিৰ

ABOUT THE AUTHOR

...view details