অসম

assam

ETV Bharat / state

ৰঙাপৰাত মাৰোৱাৰী সন্মীলনৰ উদ্যোগত ব্যৱসায়ীক স্বাস্থ্য পৰীক্ষা - rangapara

বৃহস্পতিবাৰে মাৰোৱাৰী সন্মীলন ৰঙাপৰা শাখাৰ উদ্যাগত কমলা ভৱনত চহৰখনত থকা প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ ক’ভিড-19ৰ টেষ্ট কৰাৰ ব্যৱস্থা কৰে ।

covid-19-test-at-rangapara
ৰঙাপৰাত মাৰোৱাৰী সন্মীলনৰ উদ্যোগত ব্যৱসায়ীক স্বাস্থ্য পৰীক্ষা

By

Published : Jun 17, 2021, 9:54 PM IST

Updated : Jun 20, 2021, 8:06 PM IST

ৰঙাপৰা,17 জুন: বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত ব্যৱসায়ী আৰু কৰ্মচাৰী সকলক মাৰোৱাৰী সন্মীলন ৰঙাপৰা শাখাৰ উদ্যোগত ক’ভিড পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰে ৷ উল্লেখযোগ্য যে, ৰঙাপৰা শাখাৰ উদ্যাগত কমলা ভৱনত চহৰখনত থকা প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰী সকলক বৰ্তমান সময়ত হৈ থকা মহামাৰী কৰ'ণাৰ স্বাস্থ্য পৰীক্ষা কৰে।

ৰঙাপৰাত মাৰোৱাৰী সন্মীলনৰ উদ্যোগত ব্যৱসায়ীক স্বাস্থ্য পৰীক্ষা

উল্লেখযোগ্য যে, পুৱাৰে পৰা আৰম্ভ কৰা ৰেপিড এন্টিজেন টেষ্ট কাৰ্যসূচীত স্বাস্থ্য পৰীক্ষা কৰে তেজপুৰৰ এম এম ইউৰ পৰা অহা চিকিৎসক ক্ৰমে বীনাপানী দেউৰী, নীতা ৰাভা, মফিদুল হক চৌধুৰী, পূৰৱী পাঠক আৰু ভাস্কৰ জ্যোতি শইকীয়াই ।

ইপিনে উদ্যোক্তা সকলে চৰকাৰক শীঘ্ৰেই ক’ৰণাৰ প্ৰতিষেধকৰ ব্যৱস্থা কৰি ব্যৱসায় আৰু কৰ্মচাৰীসকলক উপকৃত কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়কঃ কমলপুৰ সমষ্টিত বিধায়কৰ বিৰুদ্ধে প্ৰেৰণ কৰিব পাৰিব অভিযোগ

Last Updated : Jun 20, 2021, 8:06 PM IST

ABOUT THE AUTHOR

...view details