অসম

assam

পুলিচ আহিল : খাবলৈকো নাপালে ৰন্ধা ভাত

By

Published : Aug 8, 2021, 9:08 PM IST

Updated : Aug 11, 2021, 3:38 PM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এটি বিশেষ স্থান, য’ত দেখিবলৈ পোৱা গ’ল এক বিশেষ দৃশ্য ৷ গীতৰ তালে তালে নৃত্য-গীতত মছগুল দেখা গ‘ল সকলোকে ৷ ভাৱ হয় যেন আৰু ক‘তোৱেই নাই ক’ভিডৰ আতংক ৷

খাবলৈ নাপালে ৰন্ধা ভাত : বনভোজকাৰীক পহু খেদা আৰক্ষীৰ
খাবলৈ নাপালে ৰন্ধা ভাত : বনভোজকাৰীক পহু খেদা আৰক্ষীৰ

ৰঙাপৰা, 8 আগষ্ট : দিনটো দেওবাৰ ৷ যিহেতু বন্ধৰ দিন, সেয়ে আৰু পায় কোনে ? পুৰুষ-মহিলা, ডেকা-গাভৰুৱে ভৰিছেহি বাৰ মাইলৰ এটা বিশেষ স্থান ৷ লকডাউন বুলিয়েই আৰু সদায় ঘৰতেই সোমাই থাকিব পাৰি নেকি ? আমাৰ বাবে চৰকাৰে অলপ ভাবিব লাগে ৷ নাই নোৱাৰি এইবাৰ দেওবাৰে পিকনিক এটা হ’বই লাগিব ৷ ধাবাবোৰতো যিহে ভিৰ ৷ সেয়ে হ’ল এটা প্লেনিং ৷ প্লেনিং মতেই বাৰ মাইলত থুপ খালেহি সকলো ৷ আজি এসাঁজ জুতি লগাই খামেই খাম ৷

এনে পৰিকল্পনাৰেই নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বাৰ মাইলত ভিৰ কৰিছিলহি বহু কেইটা বনভোজকাৰীৰ দলে ৷ তৃপ্তিৰে এসাঁজ খাবলৈ এই বনভোজস্থলীত সকলোৰে ৰন্ধা বঢ়া ভবা মতেই আগ বাহিছে ৷ মাছ-মাংসৰ সুস্বাদু গোন্ধই বনভোজস্থলী কৰি তুলিছে আমোলমোল ৷ কোনোটো দলে যদি কেৰাহীত মাংস ৰান্ধিছে ইয়াৰ বিপৰীতে আন কোনোটো দলে আকৌ ভাজিছে মাছ ৷

খাবলৈ নাপালে ৰন্ধা ভাত : বনভোজকাৰীক পহু খেদা আৰক্ষীৰ

এনেতে খবৰটো শুনি আহিল নহয় কেইগৰাকীমান চকু চৰহা(!) সাংবাদিক ৷ তুলিলেহি ফটো আৰু ভিডিঅ’ ৷ হ’ল যা, পিকনিক নহ’বই নেকি আৰু ! বৰ্তমান সময়ত আচৰিত যেন লগা এই ঘটনাই নিশ্চয় আপোনাৰো চকু কপালত তুলিব ৷ পিচৰ খিনি পঢ়ক ৷

অৰ্ধশতাধিক বাহন, মটৰ চাইকেল, স্কুটীৰে ভৰি পৰিছে বনভোজস্থলী ৷ বাজি উঠা হিন্দী গীতৰ তালে তালে নদীৰ পাৰত একাংশ যুৱক-যুৱতীয়ে নৃত্য কৰি মতলীয়া হৈ পৰিছে আনন্দত । যেন সকলোৱে পাহৰি গ’ল ক'ভিড মহামাৰীৰ বৰ্তমানৰ ভয়াৱহতাৰ কথা ৷

ঠিক সেই সময়তে সেই স্থানত আহি উপস্থিত হ'লহি চাৰিদুৱাৰ আৰক্ষী । আৰক্ষী অহাৰ উমান পাই আগতীয়াকৈয়ে একাংশ যুৱক-যুৱতীয়ে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত সেই স্থানৰ পৰা তৰা নৰা ছিঙি পাৰে মানে দিছে দৌৰ ৷ ৰন্ধা ভাত ৰন্ধা হৈয়ে থাকি গ’ল কেৰাহিত ৷ আৰক্ষীয়েও বনভোজস্থলীত উপস্থিত বাকী সকলক শীঘ্ৰেই উক্ত স্থান ত্যাগ কৰিবলৈ দিলে কঠোৰ নিৰ্দেশ ।

উল্লেখযোগ্য যে, জিলাখনত ক'ভিডৰ সংক্ৰমণ কিছু হ্ৰাস পাইছিল যদিও এওঁলোকৰ দৰে একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবেই এতিয়া জিলাখনত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰণাৰ সংক্ৰমণ ৷

লগতে পঢ়ক :কিশোৰী ধৰ্ষণৰ গোচৰত ৰঙাঘৰত সোমাল মুছফিকুৰ ৰহমান

Last Updated : Aug 11, 2021, 3:38 PM IST

ABOUT THE AUTHOR

...view details