তেজপুৰ, 22 মে':ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিড-19 ৰোগে ৷ প্ৰতিদিনেই বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াকৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কোভিড-19 মাণ্ডলিক স্কিনিং চেন্টাৰত এঘাৰ জনলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰে শোণিতপুৰ জিলাৰ 7 জন ,লখিমপুৰৰ 3 জন আৰু ওদালগুৰিৰ 1 জন বুলি চিনাক্ত কৰা হৈছে ৷ শুক্ৰবাৰে পুৱা কোভিড আক্ৰান্ত বুলি চিনাক্ত হোৱা দুগৰাকী হ'ল ওদালগুৰিৰ ভাগীৰথী ভূমিজ আৰু লখিমপুৰৰ ঘনকান্ত সোণোৱাল ৷
উল্লেখ্য যে, প্ৰশাসনে জনোৱা অনুসৰি এই সকলো আক্ৰান্তৰ ট্ৰেভেল হিষ্ট্ৰীৰ লগত জড়িত হৈ আছে তিনিখন বাছ ৷ এই বাছ তিনিখন বাছ হ'ল ক্ৰমে হাৰিয়ানাৰ গুৰগাঁৱৰ পৰা 27 গৰাকী লোক কঢ়িয়াই অনা UP 17/AT 3590, তামিলনাডুৰ পৰা অহা যাত্ৰী কঢ়িয়াই অনা TN 60 C 9299 আৰু শ্ৰীৰামপুৰ গেটৰ পৰা অহা AS 20/1727 নং যাত্ৰীবাহী বাছ ৷ ইয়াৰে দুখন বাছত অহা সকলোকে তেজপুৰ বিশ্ববিদ্যালয়ত কোৰেন্টাইন কৰা হৈছে যদিও হাৰিয়ানাৰ পৰা অহা 27 জন বাছ যাত্ৰীৰ 6 জনক যোৰহাট আৰু 3 জনক হোজাইলৈ প্ৰেৰন কৰা হৈছে ৷ ইয়াৰে যোৰহাটলৈ প্ৰেৰণ কৰা এজনৰ দেহত ইতিমধ্যে কোভিড-19 পজিটিভ পোৱা গৈছে ৷ বৃহস্পতিবাৰে নিশাৰ পৰা পূৱাৰ ভাগলৈকে চিনাক্ত হোৱা কোভিড-19 পজিটিভ সকল হ'ল-
1)বিজু কুমাৰ ৰায়, মিছামাৰী, শোণিতপুৰ
২)গীতা চেৰপা, মিছামাৰী, শোণিতপুৰ
৩)ললিত চেৰপা, মিছামাৰী, শোণিতপুৰ
৪)জগ বাহাদুৰ লিম্বু, ভেৰবেৰী, শোণিতপুৰ