অসম

assam

By

Published : Sep 5, 2021, 10:22 PM IST

ETV Bharat / state

সোমবাৰৰ পৰা পূৰ্ণ গতিত আৰম্ভ হ’ব আদালতৰ কাম-কাজ

ক’ভিড কালীন পৰিস্থিতিৰ বাবে আদালতৰ কাম-কাজ দীৰ্ঘদিন ধৰি বন্ধ হৈছিল ৷ ৰাজ্য চৰকাৰ নিৰ্দেশ অনুসৰি সোমাবাৰৰ পুনৰ খোল খাব আদলতৰ দুৱাৰ ৷

সোমবাৰৰ পৰা আদালতৰ কামকাজ পূৰ্ণ গতিত আৰম্ভ
সোমবাৰৰ পৰা আদালতৰ কামকাজ পূৰ্ণ গতিত আৰম্ভ

তেজপুৰ, ৫ ছেপ্তেম্বৰ : ক’ভিড কালীন পৰিস্থিতিৰ বাবে আদালতৰ কাম-কাজৰ ক্ষেত্ৰত যোৱা সময় চোৱাত যি বাধা আহিছিল সেই বাধা আঁতৰি দীৰ্ঘ বিৰতিৰ অন্তত ছয় ছেপ্তেম্বৰৰ পৰা সম্পূৰ্ণ ৰূপে আৰম্ভ হ'ব ৰাজ্যৰ আদালত সমূহৰ কাম-কাজ । পুনৰ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিব আদালতৰ কাম-কাজ সমূহ । অৱশ্যে, ক’ভিডৰ প্ৰতিষেধক ল’লেহে আদালতত প্ৰৱেশ কৰিব পাৰিব ন্যায়ধীশ, অধিবক্তা তথা আন কোনো লোক সকলে ।

সোমবাৰৰ পৰা আদালতৰ কামকাজ পূৰ্ণ গতিত আৰম্ভ

তেজপুৰ আদালত চৌহদত দেওবাৰে দিনৰ দুই বজাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সন্মুখ কাৰ্যালয় আৰু মুখ্য ন্যায়িক আদালতত সংবিধানৰ প্ৰস্তাৱনাৰ ফলক উন্মোচন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এন কোটিস্বৰ সিঙে ক’ভিড পৰিস্থিতৰ সন্দভতো নিজৰ মন্তব্য আগবঢ়াই ৷

উক্ত কাৰ্যসূচীত ন্যায়াধীশ সুমন শ্যাম, জিলা মুখ্য ন্যায়াধীশ ছত্ৰ ভূষণ গগৈ আৰু এএছএলএছএৰ সদস্য সচিব নয়ন শংকৰ বৰুৱাও উপস্থিত থাকে ।

লগতে পঢ়ক :কাজিৰঙাত নিৰ্মাণ হ’বলগীয়া তিনিখন উৰণীয়া সেঁতুৰ সৰ্ন্দভত কুঠৰীত বিশেষ বৈঠক

একেদৰে ক’ভিডৰ বাবে ৰাজ্য চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম পালন কৰি সোমবাৰৰ পৰা পুনৰ বিদ্যালয় পাঠদান প্ৰক্ৰিয়াৰ আৰম্ভ কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ ৷ যাৰবাবে বিদ্যালখনৰ প্ৰতিটো শ্ৰেণী কোঠা, বিদ্যাল সমূহৰ সকলো ঠাই সুন্দৰকৈ পৰিস্কাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

বিদ্যালয়খন পৰিস্কাৰ কৰাৰ লগতে ছেনিটাইজা কৰাৰো ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষ সমূহে ৷ বিদ্যালয় সমূহৰ প্ৰতিজন ছাত্ৰ আৰু ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে ক'ভিডৰ সকলো নীতি নিয়ম মানি চলিব লাগিব । সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে মাক্স ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰিছে ৷

ক'ভিড মহামাৰীৰ বাবে মাহৰ পাছত মাহ বন্ধ হৈ আছে ৰাজ্যৰ বিদ্যালয় সমূহ ৷ যাৰ কাৰণে যথেষ্ট অসুবিধা আৰু লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী ।

লগতে পঢ়ক :তিনি শতাধিক যুৱক ISIS ত প্ৰশিক্ষণ লৈ হৈছে সাজু অসমত সোমাবলৈ : হিন্দু যুৱ ছাত্ৰ পৰিষদ

ABOUT THE AUTHOR

...view details