বিশ্বনাথ, 23 জুলাই: অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দুৰ্নীতিক পুলিয়ে-পোখাই উৎখাত কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা অসমবাসীক অৱগত কৰিছিল ৷ কিন্তু সেই দুৰ্নীতি সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ দিনতে এতিয়া একাংশ চৰকাৰী বিষয়া আৰু জনপ্ৰতিনিধি চৰকাৰী আচঁনি ধন লুটি পুতি খাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ শোণিতপুৰ জিলা গহপুৰ মহকুমাত এতিয়া বিভিন্ন গাওঁ পঞ্চায়তৰ একাংশ চৰকাৰী বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিৰ নেতৃত্বত অবাধ দুৰ্নীতি চলা পৰিলক্ষিত হৈছে । ইখনৰ পিছত সিখন চৰকাৰী আঁচনি কাম নকৰাকৈ অধিকাংশ ধন হৰলুকি কৰা অভিযোগ উত্থাপন হৈছে ।
অভিযোগ অনুসৰি 7 লাখ টকা আৱন্টন লাভেৰে নিৰ্মিত গহপুৰৰ এটি পথৰ কালভাৰ্ট নিৰ্মাণত অবাধ দুৰ্নীতিৰ অভিযোগ তুলিছে ৰাইজে । 7 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত কালভাৰ্টটো 6 মাহৰ ভিতৰতে বিধ্বস্ত হোৱাৰ পিচত বাঁহৰ সাঁকোৰে যাতায়াত কৰিব লগা হৈছে অঞ্চলবাসীয়ে । গহপুৰৰ গমিৰি পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ শান্তিপুৰৰ ৰাইজে যথেষ্ট কষ্ট স্বীকাৰ কৰি যাতায়ত কৰিবলগীয়াত পৰিছে । পঞ্চায়তটোৰ শান্তিপুৰৰ পৰা মিছামাৰি পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ কুৰুৱাপথাৰ সংযোগী পথটোত পকী কালভাৰ্টৰ পৰিৱৰ্তে বাঁহৰ সাঁকোৰে অতি বিপদসংকুল যাতায়াত কৰিবলগীয়াত পৰিছে ৰাইজে ।