ৰঙাপৰা,৭ ছেপ্তেম্বৰ :দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তেশোণিতপুৰ জিলাৰ ৰঙাপৰাত প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । কেন্দ্ৰীয় চৰকাৰে আৱন্টন দিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana) গৃহ লাভৰ পৰা প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । সমান্তৰালভাৱে গৃহ নিৰ্মাণত চৰকাৰী নীতি নিয়মক জলাঞ্জলি দি ঠিকাদাৰী ব্যৱস্থাৰে নিম্নমানৰ সামগ্ৰীৰে গৃহ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰঙাপৰা উন্নয়ন খণ্ডৰ অধীনৰ ফুলগুৰি গাওঁ পঞ্চায়তত ।
উক্ত গাঁও পঞ্চায়তৰ এলেকাৰ আমতল বঙালী গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ নামত আবণ্টিত হোৱা চৰকাৰী আৱাস গৃহ লাভ কৰাৰ পাছতো গৃহটো নিৰ্মাণৰ বাবে আজিকোপতি লাভ নকৰিলে চৰকাৰী আঁচনিৰ ধন । পঞ্চায়তটোৰ বিভাগীয় কৰ্মচাৰী, সচিব আৰু একাংশ প্ৰতিনিধিয়ে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ বাবে প্ৰকৃত হিতাধিকাৰী তথা অজিত পালৰ পত্নী বেলা পাল চৰকাৰী গৃহৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ।