অসম

assam

ETV Bharat / state

জামুগুৰি হাটত পুনৰ এজন ক'ভিড পজিটিভ, তেওঁৰ সংস্পৰ্শলৈ আহিছিল বহু লোক - কন্টেইনমেন্ট জ’ন

তেজপুৰ মেডিকেল কলেজ হাস্পতালত ৱাৰ্ড বয় ৰূপে কৰ্মৰত আছিল আক্ৰান্ত হোৱা লোকজন ৷ লোকজনৰ সংস্পৰ্শলৈ অহা 35 গৰাকী লোকক এতিয়ালৈ চিনাক্ত কৰা হৈছে ৷

জামুগুৰি হাটত পুনৰ এজন ক'ভিড পজিটিভ
জামুগুৰি হাটত পুনৰ এজন ক'ভিড পজিটিভ

By

Published : Jun 25, 2020, 5:27 AM IST

চতিয়া, 24 জুনঃজামুগুৰি হাটত পুনৰ এজন দেহত ধৰা পৰিছে ক'ভিড পজিটিভ ৷ লোক জন তেজপুৰ মেডিকেল কলেজ হাস্পতালত ৱাৰ্ড বয় ৰূপে কৰ্মৰত আছিল ৷ আক্ৰান্ত লোক জনৰ নাম নিপুল দাস (35) ৷

নিপুল দাস ক'ভিড পজিটিভত হোৱাৰ লগে লগেই নিপুলৰ গাঁও ১নং মাজগাঁও আৰু শহুৰেকৰ গাঁও হাটবৰ লুকুৰাচুক গাঁও দুয়োখনকে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে স্বাস্থ্যবিভাগে ৷ কিয়নো প্ৰায়ে শহুৰেকৰ ঘৰলৈ আহা যোৱা কৰি আছিল লোক জন ৷ ইতিমধ্যে সমগ্ৰ অঞ্চল দুটা প্ৰশাসনে চেনিটাৰাইজ কৰিছে ৷

আনহাতে স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি নিপুল বহু লোকৰ সংস্পৰ্শলৈ আহিছিল ৷ তাৰ ভিতৰত বৰ্তমানলৈ 35 জনক চিনাক্ত কৰি হৈছে আৰু সকলোৰে স্বোৱাব সংগ্ৰহৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷

জামুগুৰি হাটত পুনৰ এজন ক'ভিড পজিটিভ,

ইয়াৰোপৰি, নিপুলে মিঠাই ক্ৰয় কৰা জামুগুৰিহাটৰ মিঠাইৰ দোকান চুইট হাউছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা গেলামালৰ এখন দোকান আৰু চুলি দাড়ি কটা এখন চেলুনকে আদি কৰি কেইবাখনো দোকান চীল কৰিছে প্ৰশাসনে ৷

উল্লেখ যে ক'ভিড পজিটিভত আক্ৰান্ত নিপুলৰ এটি আঢ়ৈ বছৰীয়া কন্য সন্তানো আছে।

লগতে পঢ়কঃগণ সংক্ৰমন হোৱাৰ লক্ষণ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত

ABOUT THE AUTHOR

...view details